মুখ্যপৃষ্ঠা »খবৰ »অসম »Migratory Bird Killed: পৰিভ্ৰমী পক্ষী নিধন কৰি ৰঙাঘৰত সোমাল দুজন

Migratory Bird Killed: পৰিভ্ৰমী পক্ষী নিধন কৰি ৰঙাঘৰত সোমাল দুজন

Migratory Bird Killed: শিৱসাগৰ পানবেছাত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ দুজন।

Migratory Bird Killed: শিৱসাগৰ পানবেছাত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ দুজন।

Migratory Bird Killed: শিৱসাগৰ পানবেছাত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ দুজন।

  • Share this:
শিৱসাগৰৰ বিভিন্ন প্ৰান্তত এচাম নৰাধমে পৰিভ্ৰমী পক্ষী (Migratory Birds)ক বিহ দি মৰাৰ খবৰ পোহৰলৈ আহিছে। বিশেষকৈ শিৱসাগৰৰ পানবেছাত পৰিভ্ৰমী ৰাজহাঁহ হত্যা কৰি ভক্ষণ কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে । ইপিনে এই খবৰ লাভ কৰি শিৱসাগৰ বন বিভাগৰ এটা দলে চলোৱা অভিযানত পানবেছাৰ পৰা হাতে-লোটে দুটা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বন বিভাগে চলোৱা অভিযানত মানৱ দুৱৰা আৰু দেৱজিৎ দুৱৰা নামৰ দুষ্কৃতিকাৰী দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে লগতে দুষ্কৃতিকাৰী দুটাৰ পৰা দুটা মৃত বনৰীয়া ৰাজহাঁহ উদ্ধাৰ কৰে। বন বিভাগে Assam Wild Life Protection Actৰ অধীনত দুষ্কৃতিকাৰী দুটাক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰে। দুয়োটাৰে ঘৰ পানবেছা গড়কোষ নাওজানত বুলি সদৰি কৰিছে আঞ্চলিক বন বিষয়াই।

শেহতীয়া বাতৰি