ফ্লপ শ্ব’! ৰাজ্যৰ চাৰিখন জিলাত বন্ধ NGOৰ মধ্যাহ্ন ভোজন, পুনৰ ৰান্ধনিক খাদ্য যোগানৰ নিৰ্দেশ

খাদ্যত বিহ মিহলোৱাৰ ভাবুকি দিছিল একাংশ প্ৰতিবাদকাৰীয়ে!

News18-Assam
Updated:November 8, 2019, 10:02 AM IST
ফ্লপ শ্ব’! ৰাজ্যৰ চাৰিখন জিলাত বন্ধ NGOৰ মধ্যাহ্ন ভোজন, পুনৰ ৰান্ধনিক খাদ্য যোগানৰ নিৰ্দেশ
খাদ্যত বিহ মিহলোৱাৰ ভাবুকি দিছিল একাংশ প্ৰতিবাদকাৰীয়ে!
News18-Assam
Updated: November 8, 2019, 10:02 AM IST
ফ্লপ’ শ্ব’ত পৰিণত হোৱাৰ দিশে চৰকাৰৰ পদক্ষেপ। আজিৰ পৰা ৪খন জিলাত বন্ধ মধ্যাহ্ন ভোজনৰ খাদ্য। নগাঁও, হোজাই, চৰাইদেউত NGO–এ আজিৰ পৰা নিবিলায় মধ্যাহ্ন ভোজন । নগাঁও, হোজাই জিলাত মধ্যাহ্ন ভোজন বন্ধ কৰিলে মুনলাইট NGO–এ।
চৰাইদেউত পুনৰ ৰান্ধনিক মধ্যাহ্ন ভোজন যোগানৰ নিৰ্দেশ দিয়া হৈছে।
চিৰাঙত বৃহস্পতিবাৰে NGO-এ যোগান নধৰিলে মধ্যাহ্ন ভোজন।

NGO ছঘন ক্ষেত্ৰ বিকাশ সমিতিয়ে নিবিলালে মধ্যাহ্ন ভোজন।
হঠাতে মধ্যাহ্ন ভোজন বন্ধ কৰাত বিমোৰত পৰিছে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক। শিলচৰত পুনৰ বিদ্যালয় পৰিচালনা সমিতিয়ে ল’লে মধ্যাহ্ন ভোজনৰ দায়িত্ব।
বিতৰ্কৰ মাজতে চিৰাঙত মধ্যাহ্ন ভোজনত বিহ মিহলোৱাৰ ভাবুকি প্ৰতিবাদকাৰীৰ।
ভাবুকিৰ পাছতে মধ্যাহ্ন ভোজনৰ যোগান বন্ধ কৰিলে NGO–এ।

‘নিম্নমানৰ খাদ্যৰ কোনো লিখিত অভিযোগ পোৱা নাই চৰকাৰে’
‘আইন হাতত তুলি ল’লে ব্যৱস্থা লোৱা হ’ব’
‘মধ্যাহ্ন ভোজন একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ আছিল’
‘হাঁহটো হাতৰ পৰা ওলাই যোৱাৰ বাবেই প্ৰতিবাদ’
‘ন্যস্ত স্বাৰ্থজড়িত চক্ৰৰ প্ৰৰোচনাত প্ৰতিবাদ’
‘জংগী আন্দোলনৰ ভাবুকি দিয়া সংগঠনটো ৰাজনৈতিক’

সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰিছিল ক্ষুব্ধ শিক্ষামন্ত্ৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি