মধ্যাহ্ন ভোজন কৰ্মচাৰীয়েও (Mid-day meal workers) সৰ্বশিক্ষা অভিযান সঞ্চালকৰ কাৰ্যালয়লৈ আহি প্ৰতিবাদ কৰাৰ লক্ষ্য লৈছিল যদিও খানাপাৰাতে শ শ প্ৰতিবাদকাৰীক আবদ্ধ কৰে আৰক্ষীয়ে ৷ প্ৰতিবাদকাৰীসকলে কয় যে ১ হাজাৰ টকাৰে কিদৰে ভোৰণ পোষণ দিব পৰিয়ালৰ ৷ জনতাক দুৰ্ভোগত ৰাখি মন্ত্ৰী আমোলাই ৰাজসুখত দিন কটোৱাৰ অভিযোগ তুলি কয় যে মধ্যাহ্ন ভোজন কৰ্মী হোৱা হেতুকে চৰকাৰে অৰুণোদয় আঁচনিৰ পৰাও তেওঁলোকক বাহিৰত ৰাখিছে (Mid-day meal workers protest)।
প্ৰায় ৩ ঘণ্টা ধৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলস্বৰূপে প্ৰতিবাদস্থলীত উপস্থিত হয় শিক্ষা অভিযানৰ মিছন সঞ্চালক ৷ বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰি অচিৰেই সমগ্ৰ সমাধান কৰাৰ আশ্বাস দিয়ে প্ৰতিবাদকাৰীক ৷ প্ৰতিবাদকাৰীৰ দাবী অহা ২৪ ঘণ্টাত আলোচনা ইতিবাচক নহ'লে পুনৰ আন্দোলন কৰা হ'ব।