বৰপেটাত কুকুৰা চৰায়ে পোহৰলৈ আনিলে মধ্যাহ্ন ভোজনৰ ভয়াৱহ কেলেংকাৰী

News18 Assam | News18-Assam
Updated:July 16, 2020, 11:12 PM IST
বৰপেটাত কুকুৰা চৰায়ে পোহৰলৈ আনিলে মধ্যাহ্ন ভোজনৰ ভয়াৱহ কেলেংকাৰী
বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাছিম আলীৰ লগতে যিসকল লোক এই ঘটনাত জড়িত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাছিম আলীৰ লগতে যিসকল লোক এই ঘটনাত জড়িত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

  • Share this:
বৰপেটাত কুকুৰা চৰায়ে পোহৰলৈ আনিলে মধ্যাহ্ন ভোজনৰ কেলেংকাৰী। বৰপেটাৰ চেনিমাৰীত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামত অহা মধ্যহ্ন ভোজনৰ চাউল বস্তাই বস্তাই ওলাল মাটিৰ তলত। ঘটনাটো বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চেনিমাৰী গাঁৱৰ চেনিমাৰী আজাদ মেম’ৰিয়েল হাইস্কুলৰ ৷ বানৰ কবলত  পৰা গাঁওখনৰ একাংশ পৰিয়ালে বিদ্যালয়খনত শিবিৰ পাতি আশ্ৰয় লৈ আছিল। পৰিয়ালকেইটাই লগত লৈ আহিছিল কেইটামান পোহনীয়া কুকুৰা চৰাই। এই কুকুৰা চৰাইকেইটাই পোহৰলৈ আনিলে কেলেংকাৰী।

কুকুৰা চৰাইকেইটাই বিদ্যালয় চৌহদৰ এঠাইত খুচৰি খুচৰি উলিয়াই খাই আছিল চাউল৷ এই দৃশ্য শিবিৰত থকা লোকে প্ৰত্যক্ষ কৰি গাঁওবাসীক অৱগত কৰে। পিছত গাঁৱৰ ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ কোৰেৰে খান্দি চোৱাত মাটিৰ তলত ওলাল বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল।

এনেদৰে বস্তাই বস্তাই চাউল মাটিৰ তলত পুতি পেলোৱা ঘটনাক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাছিম আলীৰ লগতে যিসকল লোক এই ঘটনাত জড়িত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।
Published by: Sanjay Kumar Das
First published: July 16, 2020, 11:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading