உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Mid Day Meal Scam : মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক বিতৰণ পঁচা চাউল, ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া ভাট্টাৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ

    Mid Day Meal Scam : মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক বিতৰণ পঁচা চাউল, ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া ভাট্টাৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ

    ৫ কিলোৰ সলনি ২ কিলো চাউল আৰু পঁচা চাউল বিতৰণ কৰাৰ অভিযোগ। মাহেকীয়া ভাট্টা ২২০ টকাৰ পৰিৱৰ্তে ১৫০ টকাকৈ প্ৰদান কৰাৰ অভিযোগ।

    ৫ কিলোৰ সলনি ২ কিলো চাউল আৰু পঁচা চাউল বিতৰণ কৰাৰ অভিযোগ। মাহেকীয়া ভাট্টা ২২০ টকাৰ পৰিৱৰ্তে ১৫০ টকাকৈ প্ৰদান কৰাৰ অভিযোগ।

    ৫ কিলোৰ সলনি ২ কিলো চাউল আৰু পঁচা চাউল বিতৰণ কৰাৰ অভিযোগ। মাহেকীয়া ভাট্টা ২২০ টকাৰ পৰিৱৰ্তে ১৫০ টকাকৈ প্ৰদান কৰাৰ অভিযোগ।

    • Share this:
    মধ্যাহ্ন ভোজন (Mid Day Meal)ৰ নামত ৰাজ্যৰ বিদ্যালয়সমূহত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰীৰ নামতো ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। নগাঁৱৰ ম'হখুলিস্থ শ্বহীদ অনিল বৰা সোৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া ভাট্টা প্ৰদানৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

    বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কাদিৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ৫কিলোৰ সলনি ২কিলো চাউলহে প্ৰদান কৰে। আনহাতে, ছাত্ৰ-ছাত্ৰীক পঁচা চাউল বিতৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে। ইপিনে চৰকাৰে ধাৰ্য কৰা মাহেকীয়া ভাট্টা ২২০টকাৰ পৰিৱৰ্তে ১৫০টকাকৈহে প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে।

    অৱশ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কাদিৰে এই অভিযোগসমূহ নস্যাৎ কৰিছে।
    Published by:Manjumoni Borah
    First published: