মধ্যাহ্ন ভোজনৰ দায়িত্বত কোন কোন NGO? দিল্লীৰ পৰা খেদা খোৱা NGOৰ দায়িত্বত কোন কেইখন জিলা?

মধ্যাহ্ন ভোজনৰ নামত কি খাইছে কণ কণ ছাত্ৰ–ছাত্ৰীয়ে? কিমান স্বচ্ছ দায়িত্ব লাভ কৰা NGO

News18-Assam
Updated:November 2, 2019, 3:11 PM IST
মধ্যাহ্ন ভোজনৰ দায়িত্বত কোন কোন NGO? দিল্লীৰ পৰা খেদা খোৱা NGOৰ দায়িত্বত কোন কেইখন জিলা?
মধ্যাহ্ন ভোজনৰ নামত কি খাইছে কণ কণ ছাত্ৰ–ছাত্ৰীয়ে? কিমান স্বচ্ছ দায়িত্ব লাভ কৰা NGO
News18-Assam
Updated: November 2, 2019, 3:11 PM IST
ৰাজ্যৰ শিক্ষা বিভাগে NGO ক দিলে চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব। শুকুৰবাৰে NGO কেইটাই বিদ্য়ালয়ত কণ কণ ছাত্ৰ–ছাত্ৰীক খাদ্যৰ নামত যোগান ধৰিলে অখাদ্য। বিদ্যালয়ত ৰান্ধনী–সহায়িকাৰ পৰিৱৰ্তে কোন কেইটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনক চৰকাৰে দিলে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব? সেই তালিকা আহি পৰিছে News18 ৰ হাতত।

মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা NGO ৰ তালিকা


NGO কেইটাৰ ভিতৰত অন্যতম ঘনশ্যাম সেৱা সমিতি। তথ্য অনুসৰি কেবাবছৰৰ পূৰ্বে এই NGO–টোৱে দিল্লীৰ বিভিন্ন বিদ্যালয়তো মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্ব লাভ কৰিছিল।আৰু তেতিয়া একেধৰণৰ অভিযোগ উত্থাপন হোৱাৰ কাৰণে প্ৰথমতে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পিছত তদন্তত NGOটোয়ে অস্বাস্থ্যকৰ খাদ্য যোগান ধৰা প্ৰমাণিত হোৱাত তেওঁলোকৰ সৈতে চৰকাৰে চুক্তি বাতিল কৰিছিল। এতিয়া সেই দাগী NGOটোকে অসমত বৰপীৰা পাৰি ছাত্ৰ–ছাত্ৰীক খাদ্য যোগান ধৰিবলৈ দিছে চৰকাৰে। NGO টোক তিনিচুকীয়া, ধেমাজী আৰু শিৱসাগৰ জিলাত থকা চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্বদিছে চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি