• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘পইচা নিদিলে নাপাব কোনো চৰকাৰী সুবিধা’ – মাইক্ৰ’ ফাইনেঞ্চৰ ঋণৰ কিস্তি বিচাৰি গ্ৰাহকক হেঁচা

‘পইচা নিদিলে নাপাব কোনো চৰকাৰী সুবিধা’ – মাইক্ৰ’ ফাইনেঞ্চৰ ঋণৰ কিস্তি বিচাৰি গ্ৰাহকক হেঁচা

নিৰ্বাচনৰ আগে আগে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল।

নিৰ্বাচনৰ আগে আগে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল।

নিৰ্বাচনৰ আগে আগে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল।

  • Share this:
কোৰোণাৰ সংকটৰ মাজতে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণৰ কিস্তি বিচাৰি গ্ৰহকক হেঁচা। ঋণৰ কিস্তি পৰিশোধ নকৰিলে চৰকাৰী সকলো আঁচনিৰ পৰা বাদ পৰিব বুলি ভয় দেখুৱাই বেংকৰ কৰ্মচাৰীয়ে আদায় কৰিছে কিস্তিৰ ধন। মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লৈ বিপদত দুখীয়া ৰাইজ। উপায়ন্তৰ গ্ৰাহকে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ সম্পৰ্কে চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।

কোৰোণাৰ সংকটৰ সময়ত নিজৰ পৰিয়ালক দুবেলা দুমুঠি অহাৰৰ যোগান ধৰিব নোৱাৰা লোকৰ ওপৰত আহি পৰিছে মাইক্ৰ’ ফাইনেঞ্চৰ কিস্তি দিয়াৰ হেঁচা। ধুবুৰী জিলাৰ তামাৰহাটৰ বন্ধন বেংক শাখাৰ পৰা ঋণ লোৱা গ্ৰাহক এতিয়া পৰিছে বিপদত। এই মহিলাসকলে বেংকৰ পৰা মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱাৰ পিছৰে পৰা ঋণ পৰিশোধ কৰি আছিল। কিন্তু লকডাউনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হোৱাত ঋণৰ কিস্তি দিবলৈ সক্ষম হোৱা নাই।

অইন ঠাইৰ নিচিনাকৈ তামাৰহাট থানাৰ অন্তৰ্গত মেছপাৰা গাঁৱৰ মিলিজুলি গোটৰ ত্ৰিশ গৰাকী, মুন  গোটৰ ত্ৰিশ  গৰাকী, অমৰজ্যোতি গোটৰ ত্ৰিশ গৰাকী আৰু নিয়তী গোটৰ ত্ৰিশ গৰাকী মুঠ ১২০ গৰাকী দুখীয়া মহিলাই বন্ধন মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ লৈ নিয়মিতভাৱে ঋণৰ কিস্তি আদায় দি  আহিছিল। কিন্তু নিৰ্বাচনৰ আগে আগে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিজেপি চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজেপি নেতৃত্বাধীন অসম চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

ইফালে কোৰোণা মহামাৰীৰ বাবে ৰাজ্যত প্ৰৱৰ্তন কৰা কোভিড বিধি  তথা সান্ধ্য আইনৰ বাবে  বিশেষকৈ গ্ৰামাঞ্চলৰ দিন হাজিৰা কৰা শ্ৰমিকসকল আৰু সৰু সুৰা ব্যাৱসায় কৰি পৰিয়াল পোহ পাল দিয়া লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছেগৈ। ফলত ভুক্তভোগী পৰিয়ালবোৰে ঋণৰ কিস্তি দিবলৈ অপাৰগতা প্ৰকাশ কৰি আহিছে।

ইয়াৰ মাজতে তামাৰহাটস্থিত বন্ধন মাইক্ৰ’ ফাইনেঞ্চৰ দুগৰাকী কৰ্মীয়ে ঋণৰ কিস্তি সংগ্ৰহ কৰাৰ উদ্দেশ্য মেছপাৰা গাঁৱত গৈ উপস্থিত হয়। গাঁওখনত উপস্থিত হৈয়েই বন্ধনৰ কৰ্মী দুগৰাকীয়ে  ঋণ লোৱা মহিলাসকলৰ ঘৰে ঘৰেগৈ ঋণৰ কিস্তি আদায় দিবলৈ কয়। উল্লেখ্য যে, ঋণৰ কিস্তি নিদিলে সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব বুলি বন্ধন বেংকৰ কৰ্মচাৰীসকলে গ্ৰাহকসকলক ভয় দেখুৱাই কিস্তি আদায় কৰি আছে বুলি বন্ধনৰ ঋণ লোৱা গোটৰ মহিলাসকলে অভিযোগ উত্থাপন কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি