মাইক্ৰ'ফাইনেঞ্চৰ ঋণ (Micro Finance Loan) ৰেহাইক লৈ ৰাজ্যজুৰি উত্তাল হৈ থকাৰ সময়তে হোজাই (Hojai) জিলাত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ দিয়াৰ দিয়াৰ নামত চলিছে লুণ্ঠন। হোজাইৰ কাকীত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰা অখ্যাত কোম্পানীৰ দুই এজেণ্টক ধৰি আৰক্ষীক গতালে মহিলাই।
কাকীৰ মইনাপুৰ অঞ্চলত শাখা খুলি স্প্ৰীৰিবেল প্ৰাইভেট লিমিটেড কোম্পানীৰ নামত ধন সংগ্ৰহক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। তিনি লাখ টকাকৈ ঋণ দিয়াৰ নামত তিনি হাজাৰ টকাকৈ আগধন সংগ্ৰহ কৰিছিল কোম্পানীটোৰ দুই কৰ্মচাৰীয়ে। আগধন দিয়াৰ এমাহৰ পিছতো ঋণ নোপোৱাত ৰাইজে দুই কৰ্মচাৰীক আবদ্ধ কৰি লৈ সৃষ্টি কৰিলে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।
উত্তেজিত ৰাইজে অমৰজিত সিং আৰু নমিতা দেৱী নামৰ কৰ্মচাৰী দুজনক আটক কৰি গতালে কাকী আৰক্ষীক। উল্লেখযোগ্য যে লিমিটেডৰ আটাকাধীন দুই কৰ্মচাৰীয়ে কাকী অঞ্চলৰ পৰা ৩০ জনতকৈ অধিক মহিলাৰ পৰা আগধন হিচাপে ৩ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে ৰাইজে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|