உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Micro Finanace : ৰঙিয়াত মহিলাৰ ওপৰত মাইক্ৰ'ফাইনেন্সৰ ভাবুকি। ঋণ ওভোটাই নিদিলে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি।

    Micro Finanace : ৰঙিয়াত মহিলাৰ ওপৰত মাইক্ৰ'ফাইনেন্সৰ ভাবুকি। ঋণ ওভোটাই নিদিলে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি।

    কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

    কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

    কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

    • Share this:
      নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণ লোৱা মহিলাই সূতে-মূলে ধন ওভোটাই নিদিলে লোৱা হ'ব আইনী ব্যৱস্থা । ইতিমধ্যে ঋণগ্ৰস্ত মহিলা সকলৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰিছে একাংশ ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠানে । এই লৈ হাহাকাৰৰ সৃষ্টি হৈছে অতি দুখীয়া মহিলা সকলৰ মাজত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলা সকলক মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ যি নীতি-নিয়ম বান্ধি দিছে সেই নীতি-নিয়মৰ ভিতৰত পৰাৰ পিছতো ৰঙিয়াৰ গড়কা, মুৰাৰাৰ বহু মহিলালৈ প্ৰেৰণ কৰিছে আইনী জাননী । জাননীত স্পষ্টভাবে উল্লেখ কৰিছে দিবলগীয়া ধন ঘুৰাই নিদিলে এই মহিলাৰ সকলৰ বিৰুদ্ধে তৰা হ'ব গোচৰ ।

      এতিয়া প্ৰশ্ন হয়, চৰকাৰে বান্ধি দিয়া নিয়মৰ ভিতৰত পৰাৰ পিছতো কি সাহসত মহিলাৰ বিৰুদ্ধে গোচৰ তৰাৰ পত্ৰ প্ৰেৰণ কৰিব পাৰিলে বিত্তীয় প্ৰতিষ্ঠান সমূহে? চৰকাৰে নাকি লগাব পৰা নাই নেকি এই বিত্তীয় প্ৰতিষ্ঠান সমূহক? কাম নকৰিলে ভাত সাজ খাবলৈ টনাটনি হোৱা ঋণগ্ৰস্ত মহিলাসকলৰ চৰকাৰলৈ অনুৰোধ-মাইক্ৰ'ফাইনেন্সৰ আৰ্থিক তথা মানসিক নিৰ্যাতনৰ পৰা অতি শীঘ্ৰে ৰক্ষা কৰক ।

      উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত অসমৰ সকলো মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঋণ ৰেহাই প্ৰদানৰ সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ এটাৰ পিছত আন এটা চৰ্ত আৰোপ কৰাৰ পাছত বিপদত পৰিছে ঋণগ্ৰস্ত অধিকাংশ মহিলা ৷ চৰকাৰী এই নিৰ্দেশনা সলনি কৰাৰ দাবীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ মহিলাই ৷ ২০২১ চনৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছে মহিলাসকলে ৷

      নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত যিহেতু কোনো ধৰণৰ চৰ্ত প্ৰদান কৰা নাছিল, সেয়েহে বৰ্তমানেও কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷ তদুপৰি বৰ্তমান দুটাকৈ বছৰ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ ফলত মহিলাসকলে ঋণ ঘূৰাই দিবলৈ সক্ষম নোহোৱাত সেইসকল মহিলাৰ প্ৰতি মানবীয় দৃষ্টিভংগীৰে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷
      Published by:Manjumoni Borah
      First published: