অসমৰ সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া নাই গৃহ মন্ত্ৰণালয়ে, গৃহ মন্ত্ৰণালয়ে নিশ্চিত কৰিলে এই তথ্য

CABৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই গৃহ মন্ত্ৰণালয়ক অভিযোগ মুম্বাইস্থিত বিশেষ সংগঠনৰ

news18assam
Updated:April 19, 2019, 12:26 PM IST
অসমৰ সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া নাই গৃহ মন্ত্ৰণালয়ে, গৃহ মন্ত্ৰণালয়ে নিশ্চিত কৰিলে এই তথ্য
CABৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই গৃহ মন্ত্ৰণালয়ক অভিযোগ মুম্বাইস্থিত বিশেষ সংগঠনৰ
news18assam
Updated: April 19, 2019, 12:26 PM IST
অসমৰ চাৰিগৰাকী সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে RSSৰ সৈতে সম্পৰ্কিত লিগেল ৰাইট্ছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে এক অভিযোগনামা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা অভিযোগ গ্ৰহণ কৰা প’ৰ্টেল CPGRAMSলৈ পত্ৰযোগে প্ৰেৰণ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই পত্ৰখনকে এক নিয়মমাফিক ৰুটিন অনুসৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰে। এই পত্ৰখন প্ৰেৰণ কৰোতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই আৰু অসমৰ সাংবাদিক তথা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্তৰ নিৰ্দেশ দিয়া নাই।

একাংশ সংবাদ মাধ্যমত ইয়াৰ পূৰ্বে প্ৰকাশ পাইছিল যে অসমৰ চাৰিগৰাকী সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। RSSৰ সৈতে জড়িত লিগেল ৰাইট্ছ অবজাৰভেটৰী নামৰ সংগঠনটোৰ এক অভিযোগৰ ভিত্তিত এই নিৰ্দেশনা গৃহ মন্ত্ৰণালয়ে জাৰি কৰাৰ বাতৰি ইতিমধ্যে ছচিয়েল মিডিয়াতো যথেষ্ট ভাইৰেল হৈ পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ নোহোৱা কৰিবলৈ ৰাষ্ট্ৰযন্ত্ৰই এই পন্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে সৰৱ সমালোচনা হৈ আছে।

উল্লেখযোগ্য যে লিগেল ৰাইট্ছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে যি অভিযোগ পত্ৰ দিছে তাত যোৱা ডিচেম্বৰ আৰু জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৱাহাটীস্থিত কেইবাটাও সংবাদ প্ৰতিষ্ঠান আৰু চাৰিগৰাকী সাংবাদিকে নিৰ্যাতন চলোৱাৰ প্ৰসংগ উত্থাপন কৰা হৈছে। এই বিধেয়কখনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অনা–মুছলমান প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদানত সহায় কৰিব। এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্ট অশান্তিয়ে নিষিদ্ধঘোষিত সংগঠন ULFA(I)ত নতুন সদস্যভৰ্তিত উদগনি যোগোৱাৰ অভিযোগ সংগঠনটোৰ।

অসমীয়া সংবাদপত্ৰ ‘অসমীয়া প্ৰতিদিন’, তিনিটা নিউজ চেনেল ক্ৰমে প্ৰতিদিন টাইম, প্ৰাগ নিউজ, NEWS18 আৰু ইনছাইড এন ইৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰাৰ বাতৰিয়ে ইতিমধ্যে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। লিগেল ৰাইটছ অবজাৰভেটৰীৰ অভিযোগনামাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা আৰু ইনছাইড এন ইৰ সম্পাদক আফ্ৰিদা হুছেইনৰ নাম উল্লেখ কৰা হৈছে। সাংবাদিক মনজিত মহন্তৰ নামো সন্নিৱিষ্ট আছে অভিযোগনামাত।

উল্লেখিত সংবাদ মাধ্যম তথা ব্যক্তিয়ে সংগঠনত নতুনকৈ ভৰ্তি হোৱা সদস্যৰ ভিডিঅ’ তথা তথ্য পোনপটীয়াকৈ প্ৰচাৰ কৰি আলফা স্বাধীন তথা অন্য উগ্ৰপন্থী সংগঠনক উৎসাহিত কৰাৰ অভিযোগ সংগঠনটোৰ। চৰকাৰে এইসমূহ বিষয়ত দৃষ্টি নিদিলে অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে সন্ত্ৰাসবাদীৰ সৃষ্টি হৈ থাকিব বুলিও উল্লেখ।

উল্লেখিত সংবাদ মাধ্যমসমূহে মুকলিকৈ আলফা স্বাধীনৰ সেনাধ্যক্ষৰ টেলিফোনিক সাক্ষাৎকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰু আলফা কেডাৰৰ ভিডিঅ’ প্ৰচাৰ কৰিছে। ইয়াৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে এইসমূহৰ প্ৰচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান সংগঠনটোৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি