உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বেংকৰ জৰিয়তে দৰমহা দিয়াত ক্ষুব্ধ শ্ৰমিক, অনিৰ্দিষ্ট কালৰ বাবে লকআউট ঘোষণা বোকাখাতৰ মেথনি চাহ বাগিচা

    বেংকৰ জৰিয়তে দৰমহা দিয়াত ক্ষুব্ধ শ্ৰমিক, অনিৰ্দিষ্ট কালৰ বাবে লকআউট ঘোষণা বোকাখাতৰ মেথনি চাহ বাগিচা

    যোৱা ৩০ অক্টোবৰত জাৰি কৰা এক নির্দেশনাযোগে বাগিচাখন সম্পূর্ণৰূপে বন্ধৰ ঘোষণা কৰা হৈছে৷

    যোৱা ৩০ অক্টোবৰত জাৰি কৰা এক নির্দেশনাযোগে বাগিচাখন সম্পূর্ণৰূপে বন্ধৰ ঘোষণা কৰা হৈছে৷

    যোৱা ৩০ অক্টোবৰত জাৰি কৰা এক নির্দেশনাযোগে বাগিচাখন সম্পূর্ণৰূপে বন্ধৰ ঘোষণা কৰা হৈছে৷

    • Share this:
    অনিৰ্দিষ্ট কালৰ বাবে কৰ্তৃপক্ষই লকআউট ঘোষণা কৰিলে বোকাখাতৰ মেথনি বাগিচাক৷ বেংক একাউণ্টৰ জৰিয়তে শ্ৰমিকক দৰমহা দিয়া বাবেই সৃষ্টি হৈছিল সংঘাতৰ৷ দীৰ্ঘদিন ধৰি চলা শ্ৰমিক আৰু মেনেজমেণ্টৰ সংঘাতৰ পৰিণতিত অনিৰ্দিষ্ট কালৰ বাবে লকআউট ঘোষণা হ’ল বোকাখাত মহকুমাৰ মেথনি চাহ বাগিচা৷

    মজুৰি প্ৰদানক কেন্দ্ৰ কৰি শ্ৰমিক আৰু পৰিচালকৰ মাজত হোৱা সংঘাতৰ পৰিণতিত অৱশেষত বন্ধ হৈ পৰিল চাহ বাগিচাখনৰ সকলো ধৰণৰ কাম–কাজ৷ যোৱা ৩০ অক্টোবৰত জাৰি কৰা এক নির্দেশনাযোগে বাগিচাখন সম্পূর্ণৰূপে বন্ধৰ ঘোষণা কৰা হৈছে৷

    উল্লেখযোগ্য যে, শ্ৰমিকক দৰমহা প্ৰদানক কেন্দ্ৰ কৰি যোৱা ৩০ অক্টোবৰত পুৱাৰে  পৰা  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল শ্ৰমিকসকলে৷ শ্ৰমিকসকলৰ অভিযোগ অনুসৰি,  বাগিচা কৰ্তৃপক্ষই বেংকৰ যোগে শ্ৰমিকৰ মজুৰি প্ৰদান কৰাৰ ফলত শ্ৰমিকসকল বিভিন্ন  সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এই সম্পর্কে পৰিচালকক জনোৱা হৈছে  যদিও  শ্ৰমিকসকলৰ সমস্যাৰ ক্ষেত্ৰত পৰিচালকগৰাকীয়ে গুৰুত্ব দিয়া নাই৷

    শ্ৰমিকসকলে বাগিচাত ঠিকা পাত চিঙাৰ বিনিময়ত নগদ ধন দাবী কৰিছিল৷ কিন্তু সেয়া নকৰি বাগিচাৰ পৰিচালকগৰাকীয়ে বেংকযোগেই ধন প্ৰদান কৰাৰ ফলত ক্ষুদ্ধ হৈ পৰিছিল  শ্ৰমিকসকল। ইফালে পৰিচালকে জাৰি কৰা নির্দেশনাটোত উল্লেখ থকা অনুসৰি,  পৰিচালনা কর্তৃপক্ষই চৰকাৰৰ নির্দেশ অনুসৰিয়েই শ্ৰমিকসকলক বেংকৰ যোগে প্ৰাপ্য ধন আদায় দি আহিছে যদিও শ্ৰমিকসকলে নীতি-বহির্ভূত দাবীৰে বাগিচাৰ অনুশাসন ভংগ কৰাৰ লগতে নীতিবিৰুদ্ধভাৱে বাগিচাৰ কলঘৰৰ, পৰিচালকৰ আৱাস, কার্যালয়ত অৱস্থান কৰি কাম–কাজ অচল কৰি তুলিছিল৷ আনকি, পৰিচালকজন আৰু অন্য কর্মচাৰীক অশ্ৰাব্য গালি-গালাজেৰে টানি আনি শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল৷ এয়া এক হত্যাৰ মনোবৃত্তিৰে কৰা আক্ৰমণ বুলি উল্লেখ কৰি পৰিচালকজনে এনে অনুশাসনহীন অৱস্থাত এখন বাগিচা পৰিচালনা কৰিবলৈ তেওঁ অপাৰগ বুলি উল্লেখ কৰে৷

    উল্লেখযোগ্য যে, পূর্বেও মেথনি চাহ বাগিচাৰ পৰিচালক জর্জ ফার্ণাণ্ডেজৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল৷ পৰিচালক ফার্ণাণ্ডেজে জনোৱা অনুসৰি, অতি বিধ্বস্ত ৰূপ গ্ৰহণ কৰা বাগিচাখন বহুত প্ৰচেষ্টাৰ ফলত এটা উৎপাদনক্ষম অৱস্থালৈ আনিবলৈ তেওঁ সক্ষম হৈছিল৷ এইখিনি কামত নিশ্চিতভাৱেই শ্ৰমিকসকলৰ পৰিশ্ৰম জড়িত হৈ আছে৷ কিন্তু শেহতীয়াকৈ বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত গঢ় লোৱা মনোবৃত্তি বাগিচাখনৰ বাবে শুভলক্ষণ নহয়৷ উক্ত দিনা শ্ৰমিকসকলৰ প্ৰতিবাদী কার্যসূচী বৰজুৰি, শিলজুৰি, ডলামৰা আদি  শাখাৰ  শ্ৰমিকসকলেও ৰূপায়ন কৰিছিল৷ সেয়ে সামগ্ৰীকভাৱে সকলোবোৰ শাখাই বন্ধ কৰি দিয়া হৈছে পৰিচালনা কর্তৃপক্ষৰ ফালৰ পৰা৷ অৱশ্যে বাগিচাৰ কাম-কাজ বন্ধ হৈ পৰিলেও বাগিচাৰ চিকিৎসাসেৱা, বিদ্যুৎসেৱা, পানী যোগান আদি অত্যাৱশ্যকীয় সেৱাসমূহ মানৱীয়তাৰ খাতিৰত চলাই ৰখা হৈছে বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে৷ আনফালে বাগিছাখনৰ পৰিচালক জৰ্জ ফাৰ্ণাণ্ডেজ যোৰহাটত চিকিৎসাধীন হৈ আছে৷
    Published by:Sanjay Kumar Das
    First published: