• Home
  • »
  • News
  • »
  • assam
  • »
  • News18ৰ বাতৰিৰ পিছতে দুধনৈত অনাই–বনাই ঘূৰি ফুৰা মাতৃ–পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা

News18ৰ বাতৰিৰ পিছতে দুধনৈত অনাই–বনাই ঘূৰি ফুৰা মাতৃ–পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা

এই বাতৰি প্ৰত্যক্ষ কৰিয়ে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াই দুয়োৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে৷

  • Share this:
কেইদিনমান পূৰ্বে News18ত সম্প্ৰচাৰ হৈছিলে এজন যুৱকৰ মাতৃস্নেহৰ বাতৰি৷ এগৰাকী মানসিক ভাৰাসাম্য হেৰুৱাওৱা মহিলা, দুধনৈৰ অলিয়ে–গলিয়ে ঘূৰি ফুৰে মহিলাগৰাকীয়ে৷ যোৱা তিনিটা বছৰে একে ধৰণে আছে মহিলাগৰাকী৷ যোৱা এটা বছৰৰ পৰা মহিলাগৰাকীৰ কাষত পুত্ৰও থাকিবলৈ লয়। মাতৃক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে সকলো সময়তে মাতৃক শুশ্ৰূষা কৰে পুত্ৰই৷ কি ৰ’দ, কি বৰষুণ, কি দিন, কি ৰাতি, সকলো সময়তে মাতৃৰ কাষতে দিন পাৰ কৰিছিল পুত্ৰই। মাতৃপ্ৰেমৰ এক বিৰল নিদৰ্শন৷

যি সময়ত একাংশ শিক্ষিত চাকৰিয়াল পুত্ৰ-কন্যাই নিজ পিতৃ-মাতৃক এলাগি কৰি বৃদ্ধাশ্ৰমত থয়, একে সময়তে এইজন পুত্ৰৰ মাতৃস্নেহ দেখি অভিভূত হৈছিল দুধনৈবাসী৷

পুত্ৰ যদিও মানসিক ৰোগী নহয়, তথাপি বহুদিন ধৰি মাতৃৰ সৈতে থাকি কিছু পৰিমাণে মানসিকভাৱে দুৰ্বল হোৱাৰ সম্ভাৱনা থকাৰ বাবে News18–এ হৃদয়বান লোক বা সংস্থাক আহ্বান জনাইছিল মাতৃ-পুত্ৰৰ চিকিৎসাৰ বাবে।

এই বাতৰি প্ৰত্যক্ষ কৰিয়ে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াই দুয়োৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ দুয়ো মাতৃ-পুত্ৰক আৰক্ষীৰ সহযোগত এম্বুলেঞ্চেৰে প্ৰথম অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে আৰু তাত চিকিৎসাৰ ব্যৱস্থা কৰে।
Published by:Sanjay Kumar Das
First published: