প্ৰথমে শুই থকা ৮০বছৰীয়া মাতৃক হত্যা, তাৰপিছত চোতালত দা লৈ বিচৰণ, বঙাইগাঁৱত চাঞ্চল্য

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:30 PM IST
প্ৰথমে শুই থকা ৮০বছৰীয়া মাতৃক হত্যা, তাৰপিছত চোতালত দা লৈ বিচৰণ, বঙাইগাঁৱত চাঞ্চল্য
মানসিকভাৱে অসুস্থ যুৱকজনে পূৰ্বেও বিভিন্ন কাৰ্যকলাপৰে পৰিয়ালৰ লগতে গাঁৱবাসীক আতংকিত কৰি আহিছিল বুলি জানিব দিছে ৷

মানসিকভাৱে অসুস্থ যুৱকজনে পূৰ্বেও বিভিন্ন কাৰ্যকলাপৰে পৰিয়ালৰ লগতে গাঁৱবাসীক আতংকিত কৰি আহিছিল বুলি জানিব দিছে ৷

  • Share this:
বঙাইগাঁৱৰ কাকৈজনাত শ্বাসৰুদ্ধ পৰিৱেশ ৷ নিজ মাতৃক হত্যা কৰি হত্যাকাৰীৰ দা লৈ তদল ৷  কাকৈজনাৰ ভাৱৰীয়াপাৰাত আতংময় পৰিবেশৰ সৃষ্টি হয় ৷  ৮০ বছৰীয়া মাতৃক নিজ ঘৰতে হত্যা কৰে প্ৰভাস দেৱ ৰয় নামৰ যুৱকজনে ৷

সোমেশ্বৰী দেৱৰয় নামৰ বৃদ্ধাগৰাকী বিচনাত শুই থকা অৱস্থাত দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি যুৱকজনে ৷ নিজ মাতৃক হত্যা কৰি যুৱকজনে কিছু দূৰ নিলগত থকা ঘৰত গৈ আত্মগোপন কৰে ৷ মানসিকভাৱে অসুস্থ যুৱকজনে দা লৈ ঘৰৰ চৌহদত বিচৰণ কৰিবলৈ ধৰাত গাঁৱবাসীৰ মাজত আতংময় পৰিবেশৰ সৃষ্টি হয় ৷ 

ৰাইজে হাতে হাতে লাঠি আদি লৈ ঘৰ ঘেৰাও কৰে ৷ প্ৰায় দুই ঘন্টা ধৰি হত্যাকাৰীয়ে এইদৰে সোমাই থকাত তীব্ৰ আতংকৰ পৰিবেশৰ অব্যাহত থাকি ৷ পিছত উত্তৰ শালমাৰা আৰক্ষী চকীৰ পৰা অহা আৰক্ষীৰ দল প্ৰভাস দেৱ ৰয়ক কৌশলৰে কৰায়ত্ত কৰাৰ পিছতহে উৎকন্ঠাৰ অন্ত পৰে ৷

মানসিকভাৱে অসুস্থ যুৱকজনে পূৰ্বেও বিভিন্ন কাৰ্যকলাপৰে পৰিয়ালৰ লগতে গাঁৱবাসীক আতংকিত কৰি আহিছিল বুলি জানিব দিছে ৷
First published: August 2, 2020, 5:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading