মুখ্যপৃষ্ঠা »খবৰ »অসম »মৰ্মান্তিক, মানসিকভাৱে অসুস্থ পুত্ৰৰ কুঠাৰৰ ঘাপত মৃত্যুৰ কোলাত ঢলি পৰিল পিতৃ, বাক্সাত চাঞ্চল্য

মৰ্মান্তিক, মানসিকভাৱে অসুস্থ পুত্ৰৰ কুঠাৰৰ ঘাপত মৃত্যুৰ কোলাত ঢলি পৰিল পিতৃ, বাক্সাত চাঞ্চল্য

representative image

representative image

জিলাখনৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰী গাঁওৰ দিংখিয়াবাৰী চুবুৰিত সংঘটিত হয় এই ঘটনা।

  • Share this:

বাক্সাৰ শিমলাবাৰীত পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ হেৰুৱালে বৃদ্ধ পিতৃয়ে ৷ জিলাখনৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰী গাঁওৰ দিংখিয়াবাৰী চুবুৰিত সংঘটিত হোৱা ঘটনাটোৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ধনজিৎ বড়ো নামৰ ২১ বছৰীয়া পুত্ৰজনে পিতৃ হৰেন বড়োক কুঠাৰেৰে ঘপিয়াই  হত্যা কৰে ৷


জানিব পৰা মতে, আজি হৰেন বড়োৱে পত্নীৰ সৈতে পুৱা দহ মান বজাত কিবা কথাক লৈ তৰ্ক–বিতৰ্ক কৰি থকাৰ সময়তে জ্যেষ্ঠ পুত্ৰ ধনজিতে কুঠাৰেৰে পিতৃৰ ডিঙিত ঘপিয়াই দিয়াত থিতাতে মৃত্যু হয় হৰেন বড়োৰ ৷ অৱশ্যে হত্যাকাৰী পুত্ৰ ধনজিতে পিতৃক কি কাৰণে হত্যা কৰিলে সঠিক তথ্য জানিব পৰা নাই যদিও পুত্ৰ ধনজিৎ মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে।


ইফালে ঘটনাৰ খবৰ লাভ কৰি বাগানপাৰা আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰ ধনজিতক আটক কৰাৰ লগতে হৰেন বড়োৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷


উল্লেখ্য যে  পিতৃ–মাতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিল । সম্প্ৰতি পুত্ৰৰ দ্বাৰা পিতৃক হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

শেহতীয়া বাতৰি