• Home
  • »
  • News
  • »
  • assam
  • »
  • সাৱধান! কোৰোণাৰ সমান্তৰালকৈ ৰাজ্যত উদ্বেগজনক ভাবে বাঢ়িছে আন এক স্বাস্থ্যজনিত সমস্যা

সাৱধান! কোৰোণাৰ সমান্তৰালকৈ ৰাজ্যত উদ্বেগজনক ভাবে বাঢ়িছে আন এক স্বাস্থ্যজনিত সমস্যা

Source-Google

Source-Google

পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰত তথা অসমতো অভাৱনীয় ভাৱে বৃদ্ধি পাইছে মানসিক সমস্যাত ভুগি থকা লোকৰ সংখ্যা।

  • Share this:
কোৰোণা মহামাৰীৰ সময়ছোৱাত ভয়ানক ৰূপ ধাৰণ কৰিছে আন এক স্বাস্থ্যজনিত সমস্যাই। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰত তথা অসমতো অভাৱনীয় ভাৱে বৃদ্ধি পাইছে মানসিক সমস্যাত ভুগি থকা লোকৰ সংখ্যা। দ্ৰুত গতিত অৱনতি ঘটা মানুহৰ মানসিক স্বাস্থ্যৰ অৱস্থাই শেহতীয়াকৈ চিকিৎসকসকলকো উদ্বিগ্ন কৰি তুলিছে ।

এই সময়ছোৱাতে অভাৱনীয় ভাৱে বৃদ্ধি পাইছে ‘এনজাইটি’ , ‘ডিপ্ৰেছ’ন’ , ‘অচিডি’ ৰোগীৰ সংখ্যা। সুৰাৰ দৰে ৰাগীয়াল সামগ্ৰীৰ প্ৰতি আসক্তিও বৃদ্ধি পাইছে বহু পৰিমাণে। পূৰ্বৰ ৫ৰ পৰা ৬ শতাংশৰ পৰা ২৫ৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি পাইছে ‘এনজাইটি’ত ভোগা ৰোগীৰ সংখ্যা। আমেৰিকা , চীন আদি দেশত গুৰুতৰ ৰূপ লোৱাৰ সমান্তৰালকৈ অসমতো অভাৱনীয় ভাৱে বৃদ্ধি পাইছে এনজাইটিত ভোগা লোকৰ সংখ্যা। চিকিৎসকৰ মতে বিগত বহু বছৰৰ ভিতৰতে এই সংখ্যা সৰ্বাধিক। যোৱা এপ্ৰিল মাহৰ পৰা চিকিৎসকৰ কাষলৈ এনেবোৰ সমস্যা লৈ অহা ৰোগীৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে।

" যোৱা এপ্ৰিলৰ পৰা ৪-৫ মাহ ধৰি এনজাইটিত ভোগা ৰোগীৰ সংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পালে।২০১২-১৩ চনৰ পুৰণি ৰোগীসকল পুনৰ এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। মই বিগত ১৫ বছৰত এনে পৰিস্থিতি দেখা নাই।", মনোৰোগ চিকিৎসক ডাঃ চাদুল্লাই এনেদৰে উদ্বেগ প্ৰকাশ কৰে ।

আনহাতে এই সময়ছোৱাত একাংশ লোক হৃদৰোগত আক্ৰান্ত বুলি চিকিৎসালয়ত ভৰ্তি হৈছে যদিও পিছত পোহৰলৈ আহিছে যে, এইসকল লোক প্ৰকৃততে এনজাইটিৰ চিকাৰ হৈছে। ভয় ভয় লগা, উশাহ ল’বলৈ কষ্ট পোৱা, বুকু ধপ-ধপোৱা ধৰণৰ সমস্যা লৈ এইসকল লোক চিকিৎসালয়ত ভৰ্তি হৈছিল। কিন্তু পিছত চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত ধৰা পৰে যে, কোভিড পৰিস্থিতিৰ বাবে এইসকল লোক অত্যাধিক মানসিক চাপৰ বলি হৈ এনজাইটিত আক্ৰান্ত হৈছিল। মনোৰোগ চিকিৎসকে চিকিৎসালয়তে এইসকল লোকক চিকিৎসা আগবঢ়াইছিল। এনেদৰে হঠাৎ বৃদ্ধি পোৱা এনজাইটি ৰোগীৰ সংখ্যাই আচৰিত কৰি তুলিছে চিকিৎসকসকলকো।

এই সময়ছোৱাত এনজাইটিৰ লগতে বৃদ্ধি পাইছে ডিপ্ৰেছ’ন আৰু ‘অবছেচিভ কমপালছিভ ডিচ-অৰ্ডাৰ’ চমুকৈ অচিডি ৰোগীৰ সংখ্যা। চিকিৎসকৰ মতে, কোভিড মহামাৰীৰ সময়ছোৱাত ভুল খবৰৰ পয়োভৰত বহুলোক ভয়ে ভয়ে থাকি এনে ধৰণৰ মানসিক সমস্যাৰ চিকাৰ হৈছে।
Published by:Himangshu Bhuyan
First published: