ল’ক ডাউনে বঢ়াইছে মানসিক অৱসাদ! যোৰহাটত ৪৮ঘণ্টাত হেৰাই গ'ল তিনিজন

Source-Google
লকডাউনৰ সময়ছোৱাত নিউৰ'ছিছত আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে।
- News18 Assam
- Last Updated: May 14, 2020, 7:10 PM IST
ল’ক ডাউনৰ মাজতে যোৰহাট নগৰত ৪৮ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছে তৃতীয়টো আত্মহত্যাৰ ঘটনা । যোৰহাট নগৰ অঞ্চলত মঙলবাৰে এগৰাকী অধ্যাপক , বুধবাৰে এগৰাকী ছাত্ৰ আৰু বৃহস্পতিবাৰে এগৰাকী বিবাহিতা মহিলাই জীৱন বিষৰ্জন দিয়াৰ ঘটনাই হতচকিত কৰি তুলিছে বহুজনক। আনহাতে ল’কডাউনৰ সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে ‘নিউৰছিছ’ ৰোগীৰ সংখ্যা ।
বৃহস্পতিবাৰে যোৰহাট ন-আলি হাবিচুকৰ কুইন গগৈ নামৰ এগৰাকী বিবাহিতা মহিলাই আত্মহত্যা কৰে। ফোনত কথা পাতি থাকোতে হঠাত্ সূত্ৰপাত হোৱা এটা ঘটনাৰ পিছতে দুটি সন্তানৰ মাতৃগৰাকীয়ে আবেগিক হৈ এই চৰম পন্থা বাচি লয়। এই কথা জনাইছে কুইন গগৈৰ স্বামীয়ে।
" Every day with you is special . But today is extra special because it's your day ." - টোকাটোত প্ৰথম বাক্যটো এনেদৰে লিখা আছিল ।
মঙলবাৰে পুৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিত্ শৰ্মাৰ মৃতদেহ নিজৰ বিভাগতে কোঠাৰ ভিতৰতে উদ্ধাৰ হৈছিল । অধ্যাপকগৰাকীয়েও এৰি থৈ গৈছিল এটি ছুইচাইড নোট । এই নোটটোত উল্লেখ আছিল কিছুমান বিশেষ কথা বৰ্তমান ছুইচাইড নোটটোৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
এই ঘটনাকেইটাই এতিয়া অৱতাৰণা কৰিছে আন কেতবোৰ প্ৰশ্নৰ । মহামাৰীৰ আতংক তথা ল’ক ডাউনৰ ফলত সৃষ্টি হোৱা মানসিক পৰিৱৰ্তনৰ ফলতে এনেদৰে এইসকল লোকে হঠাৎ এনে চৰম সিদ্ধান্ত লৈছে নেকি, তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে । মনোৰোগ চিকিৎসকেও এই সম্ভাৱনা নুই কৰা নাই ।
উল্লেখযোগ্য যে, কোৰোণা মহামাৰীৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে মানসিক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু কেনেকৈ এই সমস্যাৰ পৰা বাচি থাকিব পাৰি? চিকিৎসকৰ মতে, এই ক্ষেত্ৰত নিদ্ৰাই মহৌষধৰ কাম কৰে। ভাল টোপনিয়ে মানুহক এনে নিউৰ'ছিছ সমস্যাৰ পৰা ৰক্ষা কৰে। গতিকে এই জটিল সময়চোৱাত আপোনাৰ শৰীৰৰ লগতে মানসিক স্বাস্থ্যৰ যতন লোৱাটোও অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে ।