নুমলীগড়ত হাতী-মানুহৰ ভয়ংকৰ সংঘাত

News18 Assam | News18-Assam
Updated:September 10, 2020, 9:04 AM IST
নুমলীগড়ত হাতী-মানুহৰ ভয়ংকৰ সংঘাত
হাতীৰ জাকটোক আঁতৰাই  পঠাবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোও চোঁচা লৈছে মানুহলৈ।

হাতীৰ জাকটোক আঁতৰাই  পঠাবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোও চোঁচা লৈছে মানুহলৈ।

  • News18 Assam
  • Last Updated: September 10, 2020, 9:04 AM IST
  • Share this:
নুমলীগড়ত হাতী–মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেমেৰাৰ সন্মুখতে হাতীয়ে ভাঙিলে এখন বাইক। প্ৰতিদিনেই অঞ্চলটোত চলিছে বন্যহস্তীৰ উপদ্ৰৱ। নুমলীগড়ৰ দৈগ্ৰোং চাহ বাগিচাত সাংবাদিকৰ কেমেৰাত বন্দী হ’ল ভয়ংকৰ দৃশ্য। এফালে জীৱশ্ৰেষ্ঠ মানুহ আনফালে এদল ভোকাতুৰ হাতী। মানুহলৈ চোঁচা লৈ অহা এটা বন্যহস্তীয়ে কেমেৰাৰ সন্মুখতে ভাঙি পেলাইছে এখন বাইক।

আজি কেইবাদিনো ধৰি পোৱালিসহ হাতীৰ এটা জাকে আশ্ৰয় লৈ আছে দৈগ্ৰোং চাহ বাগিচাত। হাতীৰ জাকটো আশ্ৰয় লৈ থকাৰ বাবে চাহ বাগিচাখনত কাম কৰিব নোৱাৰি বিপাঙত পৰিছে শ্ৰমিকসকল।

ইফালে, হাতীৰ জাকটোক আঁতৰাই  পঠাবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোও চোঁচা লৈছে মানুহলৈ। যি কোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে হাতী ভয়াবহ সংঘাত।
Published by: Sanjay Kumar Das
First published: September 10, 2020, 9:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি