ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক, অগ্ৰণী প্ৰতিষ্ঠান ৰূমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰয়াত শৰ্মাৰ পত্নী নিৰু দেৱীয়ে।
স্মৃতিচাৰণ সভাখনত বিশিষ্ট লেখক-সমালোচক উপেন্দ্ৰ বৰকটকীৰ সম্পাদনাত প্ৰকাশিত "বলেন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু কৰ্ম" নামৰ গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত তথা বিশিষ্ট সাহিত্যিক ড০ অপূৰ্ব শৰ্মাই।
গ্ৰন্থখন উন্মোচন কৰি ড০ অপূৰ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়- ''প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল ৷ তেখেতৰ অভাৱনীয় কৰ্মনিষ্ঠা আৰু প্ৰবল ইচ্ছাশক্তিয়ে মোক আকৰ্ষিত কৰিছিল। নগাঁৱত এটা অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰাত অনবদ্য অৰিহণা আছিল।''
শৰ্মাই লগতে কয় যে কিতাপৰ লগত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক গঢ়ি তুলিছিল। লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে বাতৰি কাকতৰ চাহিদা বৃদ্ধিত অসম আন্দোলনে এক সুযোগ আনি দিছিল। সেই সময়ত বাতৰি কাকতৰ প্ৰচলন বৃদ্ধি পাইছিল, প্ৰয়াত শৰ্মাই বাতৰি কাকতৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু আসক্তি বৃদ্ধি কৰিছিল ৷
Published by: Gautam Barman
FIRST PUBLISHED : May 31, 2022, 02:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|