শিক্ষাবিদ, ভাষাবিদ টাবুৰাম টাইডৰ স্মৃতিত হ’ব স্মৃতিসৌধ, উদ্যান – ঘোষণা মূ্খ্যমন্ত্ৰী সোণোৱালৰ

মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক কামখিনি আগবঢ়াই নিয়াৰ দাযিত্ব দিয়া হৈছে৷

News18-Assam
Updated:August 28, 2019, 4:11 PM IST
শিক্ষাবিদ, ভাষাবিদ টাবুৰাম টাইডৰ স্মৃতিত হ’ব স্মৃতিসৌধ, উদ্যান – ঘোষণা মূ্খ্যমন্ত্ৰী সোণোৱালৰ
মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক কামখিনি আগবঢ়াই নিয়াৰ দাযিত্ব দিয়া হৈছে৷
News18-Assam
Updated: August 28, 2019, 4:11 PM IST
ঋত্বিক কৌশিক : শিক্ষাবিদ, ভাষাবিদ টাবুৰাম টাইডৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মূ্খ্যমন্ত্ৰীয়ে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত সাহিত্যিক, শিক্ষাবিদ টাবুৰাম টাইডৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে৷ শিক্ষাবিদগৰাকীৰ ঘৰত উপস্থিত হৈ মূ্খ্যমন্ত্ৰীৰ ঘোষণা – টাবুৰাম টাইডৰ সমাধিস্থলিত ৰাজ্য চৰকাৰে স্মৃতিসৌধ নিৰ্মান কৰিব৷

ইতিমধ্যে মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক কামখিনি আগবঢ়াই নিয়াৰ দাযিত্ব দিয়া হৈছে৷ লগতে সেই স্থানত এখন উদ্যানো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মূ্খ্যমন্ত্ৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি