ক্ৰমহ্ৰাসমান সম্পদ আৰু কোভিড-১৯ মহামাৰীয়ে কঢ়িয়াই অনা বিশ্বব্যাপী আৰ্থিক মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ভীমকায় বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাই ৰাষ্ট্ৰৰ বাবে সমস্যা হৈ দেখা দিছে। জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ, অত্যাধুনিক সেনা বাহিনী, বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি, আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্থ্য সেৱাৰ বাবে আৱশ্যকীয় সম্পদৰ ওপৰত অত্যাধিক চাপ পৰিছে। এই বৰ্ধিত জনসংখ্যাই ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যৰ বাবে আয়ৰ স্ৰোত হোৱাৰ সলনি দেশৰ বহু অংশত সামাজিক অস্থিৰতা তথা বহু অসামাজিক কাৰ্যৰ কাৰণ হৈ সমাজখনৰ লগতে দেশখনত বিভিন্ন প্ৰকাৰে ভাবুকিৰ সৃষ্টি কৰিছে।
সেয়ে জগত গুৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে উত্তৰ লখিমপুৰ জিলাৰ পৰা কঠোৰ জনসংখ্যা আইন বলবৎ কৰিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ।
"জনসংখ্যা সমাধান ফাউণ্ডেচন অসম প্ৰান্তৰ লখিমপুৰ জিলাৰ সদস্য যামিনী শৰ্মা, বাণী শইকীয়া, বিশ্ব গগৈ, যাদৱ দাস আৰু জ্যোতি কুমাৰ দাসে সোমবাৰে কেন্দ্ৰীয় চৰকাৰলৈ ৫খনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংসদৰ আগন্তুক অধিবেশনতে এখন কঠোৰ 'জনসংখ্যা নিয়ন্ত্ৰণ আইন' উত্থাপন কৰি বলবৎ কৰিবলৈ দাবী জনাই প্ৰেৰণ কৰে স্মাৰকপত্ৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|