মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: নলবাৰী হৰি মন্দিৰৰ উৰণীয়া সেতুৰ তলত থকা ৰে'লৱে ক্ৰছিং মুকলি কৰাৰ দাবী 

Nalbari News: নলবাৰী হৰি মন্দিৰৰ উৰণীয়া সেতুৰ তলত থকা ৰে'লৱে ক্ৰছিং মুকলি কৰাৰ দাবী 

Memorandum submitted by AJYCP

Memorandum submitted by AJYCP

নলবাৰী হৰি মন্দিৰৰ উৰণীয়া সেতুৰ তলত থকা ৰে'লৱে ক্ৰছিং সহিতে সম্পূৰ্ণ পথটি মুকলি কৰি দিয়াৰ দাবীত স্মাৰকপত্ৰ প্ৰদান ৷ 

  • Share this:
নলবাৰী, ২৪ মে': নলবাৰী চহৰৰ মাজমজিয়াত থকা হৰি মন্দিৰৰ উৰণীয়া সেতু নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি যাতায়াতৰ সমস্যা হৈ আহিছে। শেহতীয়াকৈ দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ মুকলিৰ দিশে।

আজি এই সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ হৰি মন্দিৰৰ সমীপত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণীয়া সেতুৰ তলত থকা ৰে'লৱে ক্ৰছিং সহিতে সম্পূৰ্ণ পথটি মুকলি কৰি দিয়াৰ বাবে দাবী জনাই ৰঙিয়া মণ্ডলৰ মাণ্ডলিক ৰে'লৱে প্ৰৱন্ধকলৈ জ্যেষ্ঠ সহায়কৰ জৰিয়তে এক স্মাৰক–পত্ৰ প্ৰেৰণ কৰে।

আজি সংগঠনটোৰ জিলা সভাপতি নিৰোদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতাৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে জিলাখনৰ ঠেলাচালক, ৰিক্সাচালক, চাইকেল আৰোহী তথা সৰ্বসাধাৰণ ৰাইজৰ বাবে উৰণীয়া সেতুৰ তলৰ পথটি মুকলি কৰি ৰখাৰ বাবে স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰে।

উক্ত কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মনোৰাম কলিতা আৰু জিলা সমিতিৰ উপদেষ্টা গৌতম কুমাৰ শৰ্মাসহ জিলা সমিতি আৰু নলবাৰী চহৰ সমিতিৰ ভালেসংখ্যক নেতা–কৰ্মী উপস্থিত থাকে।

শেহতীয়া বাতৰি