খাদ্য সংকটত পৰিব পাৰে মেঘালয়ৰ গাৰোপাহাৰ! কাইলৈৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক পথ অৱৰোধ

News18 Assam | News18-Assam
Updated:October 28, 2020, 1:26 PM IST
খাদ্য সংকটত পৰিব পাৰে মেঘালয়ৰ গাৰোপাহাৰ! কাইলৈৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক পথ অৱৰোধ
কোৰোণাৰ দোহাই দি মেঘালয় চৰকাৰ আৰু প্ৰশাসনে অসমৰ কোনো লোককেই মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে৷

কোৰোণাৰ দোহাই দি মেঘালয় চৰকাৰ আৰু প্ৰশাসনে অসমৰ কোনো লোককেই মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে৷

  • Share this:
আজি ২৮ অক্টোবৰ, মেঘালয় আৰু অসম চৰকাৰলৈ এক সময়সীমা বান্ধি দিছিল গোৱালপাৰাৰ চল্লিশটাকৈ সংগঠনে৷ বিষয় - মেঘালয়ত অসমৰ মানুহক প্ৰৱেশত বাধা৷ আজি নিশা ১২ বজাৰ ভিতৰত যদি চৰকাৰ আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ২৯ অক্টোবৰ অৰ্থাৎ কাইলৈ পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব গোৱালপাৰাৰ চল্লিশটাকৈ সংগঠনে৷

কোৰোণাৰ দোহাই দি মেঘালয় চৰকাৰ আৰু প্ৰশাসনে অসমৰ কোনো লোককেই মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে৷ যদিও সমগ্ৰ দেশতে আনলক চলি আছে বা আন্তঃৰাজ্যিক সীমা খুলি দিয়া হৈছে, তাৰ পিছতো মেঘালয়ত অসমৰ যান–বাহন, ব্যৱসায়ী তথা অসমৰ কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাই৷

যাৰ বাবে যোৱা কিছুদিন ধৰি আছু, এবছু, কৃষক মুক্তি, আমছু, মটৰ শ্ৰমিক সন্থাকে ধৰি চল্লিশটাকৈ সংগঠনে বাৰম্বাৰ গোৱালপাৰা প্ৰশাসন আৰু অসম চৰকাৰক এই বিষয়ে অবগত কৰি আহিছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ আশ্বাস দিব নোৱাৰাত বৃহস্পতিবাৰৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধৰ ঘোষণা কৰিছে সংগঠনকেইটাই৷

গোৱালপাৰাৰ পৰা মেঘালয়ৰ গাৰো পাহাৰলৈ যোৱা সকলো পথতেই অৰ্থনৈতিক অৱৰোধ কৰিব বুলি জানিবলৈ দিছে৷ এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে যদিও খাদ্য সামগ্ৰী কঢ়িওৱা বা ব্যৱসায়িক যান–বাহনসমূহক মেঘালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব ৪০টাকৈ সংগঠনে৷

মেঘালয়ৰ গাৰো পাহাৰলৈ অধিকাংশ খাদ্য সামগ্ৰী বা ব্যৱসায়িক সামগ্ৰী গোৱালপাৰাৰ পৰা বা গোৱালপাৰাৰ মাজেৰেই মেঘালয়ত প্ৰৱেশ কৰে৷ গতিকে সেইসমূহ কঢ়িওৱা যান–বাহন সমূহ গাৰো পাহাৰলৈ যোৱাত বাধা দিয়ে তেন্তে তীব্ৰ খাদ্য সংকটত পৰাৰ লগতে ব্যৱসায়িকভাৱেও যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে গাৰোপাহাৰ বা মেঘালয়ৰ।
Published by: Sanjay Kumar Das
First published: October 28, 2020, 1:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading