• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ পৰা মেঘালয়লৈ পেট্ৰ'লিয়াম পৰিবহনকাৰীসকলক সুৰক্ষাৰ আশ্বাস মেঘালয় চৰকাৰৰ

অসমৰ পৰা মেঘালয়লৈ পেট্ৰ'লিয়াম পৰিবহনকাৰীসকলক সুৰক্ষাৰ আশ্বাস মেঘালয় চৰকাৰৰ

অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে

অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে

অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে

  • Share this:
বৃহস্পতিবাৰে অসমৰ পেট্ৰ’লিয়াম শ্ৰমিকৰ শীৰ্ষ সংস্থা অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে কয় যে আন্তঃৰাজ্যিক সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পটভূমিত অসমৰ পৰা যোৱা বাহনসমূহত আক্ৰমণ সংঘটিত হোৱাৰ পিছত তেওঁলোকে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে।

অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে (এপিএমইউ) আইঅ’চি, এইচপিচিএল আৰু বিপিচিএলকে ধৰি সকলো পিএছইউ তেল বিপণন কোম্পানীলৈ পত্ৰ প্ৰেৰণ কৰি আৰু টেংকাৰত ইন্ধন লোড নকৰাৰ ইউনিয়নৰ সিদ্ধান্তৰ বিষয়ে এই প্ৰতিষ্ঠানসমূহক অৱগত কৰে।

উল্লেখ্য তে, এই সিদ্ধান্তৰ পিছতেই মেঘালয় চৰকাৰে অসমৰ পেট্ৰ'লিয়াম পৰিবহনকাৰীসকলক সুৰক্ষাৰ আশ্বাস দিছে। বৃহস্পতিবাৰে মেঘালয়ৰ খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা সঞ্চালক প্ৰবীণ বক্সীয়ে ৰাজ্যখনলৈ পেট্ৰ'লিয়াম আৰু তেল পৰিবহন কৰাৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰি অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নলৈ এক পত্ৰ লিখে।

ইয়াৰ পূৰ্বে, অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে মেঘালয়ত অসমৰ ট্ৰাক চালকসকলক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পিছত মেঘালয়লৈ পেট্ৰ'লিয়াম সামগ্ৰীৰ পৰিবহন বন্ধ কৰাৰ বাবে ভাবুকি দিছিল।

উল্লেখ্য যে, মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত মেঘালয়ৰ পাঁচজন লোকৰ লগতে অসমৰ এজন বনকৰ্মীক ধৰি মুঠ ছয়জন লোক নিহত হয়। এই ঘটনাৰ পাছতেই মেঘালয়ত দুৰ্বৃত্তই অসমৰ ট্ৰাক চালকসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰা হৈছে।

জানিব পৰা মতে, মেঘালয়ৰ সকলো জিলাৰ উপায়ুক্ত আৰু এছপিসকলক পেট্ৰ'লিয়াম পৰিবহনকাৰী বাহনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। মেঘালয়ৰ খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা সঞ্চালক প্ৰবীণ বক্সীয়ে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা টেংকাৰ আৰু ট্ৰাকৰ মসৃণ চলাচল নিশ্চিত কৰাৰ বাবে য’তেই প্ৰয়োজন হয় তাতেই আৰক্ষী পেট্ৰলিং আৰু নিৰাপত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈও আদেশ দিছে।

মঙলবাৰে অসম–মেঘালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মেঘালয়ৰ বাহিৰৰ পৰা যোৱা কমেও পাঁচখন বাহনত জুই লগোৱা হৈছিল। লগতে শিল, গুলীচালনাৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল। বৰ্তমান অসম আৰক্ষীৰ জোৱানসকলে অসমৰ পৰা মেঘালয়ত প্ৰৱেশদ্বাৰত বেৰিকেড স্থাপন কৰিছে আৰু অসমৰ নম্বৰ প্লেট থকা বাহন পাহাৰীয়া ৰাজ্যৰ ভিতৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি