NRCক লৈ আমি ভয় খাইছো, বাংলাদেশৰ পৰা আহি থাকিব নেকি নাগৰিক? – NEDAৰ সমাৰোহত ক’লে কনৰাড ছাংমাই

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ–পূবত ৰাজনৈতিক ইছ্যু বহু আছে। সীমা সমস্যাই প্ৰতিখন ৰাজ্যক জৰ্জৰিত কৰিছে। এদিনতে এই সমস্যাৰ সমাধান নহয়।

News18-Assam
Updated:September 9, 2019, 4:05 PM IST
NRCক লৈ আমি ভয় খাইছো, বাংলাদেশৰ পৰা আহি থাকিব নেকি নাগৰিক? – NEDAৰ সমাৰোহত ক’লে কনৰাড ছাংমাই
মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ–পূবত ৰাজনৈতিক ইছ্যু বহু আছে। সীমা সমস্যাই প্ৰতিখন ৰাজ্যক জৰ্জৰিত কৰিছে। এদিনতে এই সমস্যাৰ সমাধান নহয়।
News18-Assam
Updated: September 9, 2019, 4:05 PM IST
‘এসময়ত উত্তৰ–পূবক কেন্দ্ৰই গুৰুত্বই দিয়া নাছিল, আজি গৃহমন্ত্ৰীয়ে উত্তৰ–পূবৰ সকলো নেতাৰে নাম জানে। আগতে আমি সন্মানেই পোৱা নাছিলো দিল্লীত, আমি আজি সন্মান পাইছো। আমি আৱেগিক মানুহ, সৰু সৰু কথাত আমি সুখী হওঁ। উত্তৰ পূবৰ মানুহ সৰু নেকি – আগতে আমাক এই অনুভৱ কৰিবলৈ বাধ্য কৰিছিল। এতিয়া কাম নহ’লেও চাহ একাপ দিয়ে দিল্লীত।’ – গুৱাহাটীত NEDAৰ সমাৰোহত এই মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই।

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ–পূবত ৰাজনৈতিক ইছ্যু বহু আছে। সীমা সমস্যাই প্ৰতিখন ৰাজ্যক জৰ্জৰিত কৰিছে। এদিনতে এই সমস্যাৰ সমাধান নহয়। NEDAৰ এখন মিটিং বছৰত এবাৰ হয়, তাৰ পিছত সকলো পাহৰি যায়। CABৰ উত্তৰ–পূবত প্ৰভাৱ পৰিছে বুলিও মন্তব্য কৰে ছাংমাই।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কনৰাড ছাংমাই কয় যে আমি ভয় খাইছো। NRCৰ পৰা বাদ পৰা ১৯ লাখ লোক আমাৰ ৰাজ্যলৈ যাব নেকি? তাক লৈ আমি ভীতিগ্ৰস্ত হৈছো। CABৰ জৰিয়তে বাংলাদেশৰ পৰা নাগৰিক আহি থাকিব নেকি এই বিষয়টোক লৈ আমি বাৰুকৈয়ে চিন্তিত হৈছো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি