• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalay Border Conflict : অসমৰ ভূমি দখলৰ চেষ্টা! মেঘালয় আৰক্ষীক খেদিলে পশ্চিম কাৰ্বি-আংলং জিলাৰ ৰাইজে

Assam-Meghalay Border Conflict : অসমৰ ভূমি দখলৰ চেষ্টা! মেঘালয় আৰক্ষীক খেদিলে পশ্চিম কাৰ্বি-আংলং জিলাৰ ৰাইজে

দিয়া-লোৱা নীতি অনুসৰি পশ্চিম-কাৰ্বি আংলং জিলাৰ ২১খন গাঁও মেঘালয়ত অন্তৰ্ভূক্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে জিলাখনৰ ৰাইজে।

দিয়া-লোৱা নীতি অনুসৰি পশ্চিম-কাৰ্বি আংলং জিলাৰ ২১খন গাঁও মেঘালয়ত অন্তৰ্ভূক্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে জিলাখনৰ ৰাইজে।

দিয়া-লোৱা নীতি অনুসৰি পশ্চিম-কাৰ্বি আংলং জিলাৰ ২১খন গাঁও মেঘালয়ত অন্তৰ্ভূক্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে জিলাখনৰ ৰাইজে।

  • Share this:
অসম-মেঘালয় সীমান্তৰ সংঘাত (Assam-Meghalay  Border Conflict) নিৰাময়ৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দ্বয়ে আলোচনা মৰ্মে গ্ৰহণ কৰা  দিয়া-লোৱা নীতি (Give and Take Policy)ক মানি ল'ব খোজা নাই পশ্চিম কাৰ্বি আংলং জিলা (West Karbi Anglong District)ৰ ৰাইজে। কাৰণ এই বুজাবুজিৰ সুযোগ লৈ মেঘালয় আৰক্ষী (Meghalaya Police)য়ে অসম-মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি-আংলং জিলাৰ বহু গাঁও দখলৰ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে।

শেহতীয়াকৈ দিয়া-লোৱা নীতি অনুসৰি পশ্চিম-কাৰ্বি আংলং জিলাৰ ২১খন গাঁও মেঘালয়ত অন্তৰ্ভূক্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে জিলাখনৰ ৰাইজে। আনকি গাঁওকেইখনৰ ভূমিৰ জৰীপৰ বাবে অহা মেঘালয় আৰক্ষীৰ দলকো খেদি পঠিয়ায় কাৰ্বি ছাত্ৰ সন্থা (Karbi Students Union) আৰু গোৰ্খা ছাত্ৰ সন্থা (Gorkha Students Union)ৰ সদস্যসকলে।

সংগঠনকেইটিৰ অভিযোগ, মেঘালয় আৰক্ষীৰ দলটোৱে অসমৰ প্ৰশাসনক অৱগত নকৰাকৈ মূল পথৰ সলনি গ্ৰাম্য উপপথৰে আহি অসমত প্ৰৱেশ কৰিছিল। আনহাতে, দলটোত মেঘালয় চৰকাৰৰ প্ৰতিনিধি থকাৰ কথা আছিল যদিও কেৱল মেঘালয় আৰক্ষীৰ জোৱান তথা বিষয়াৰ বাহিৰে চৰকাৰৰ কোনো প্ৰতিনিধিক নেদেখি সীমামূৰীয়া ৰাইজ ক্ষুব্ধ হৈ পৰে। স্থানীয় ৰাইজ তথা সংগঠনৰ কৰ্মী সকলে মেঘালয় আৰক্ষীৰ দলটোক খেদি পঠিওৱাৰ লগতে অসমৰ এক ইঞ্চিও মাটি মেঘালয়ক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। স্থানীয় ৰাইজে মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ স্যবস্ত কৰে।
Published by:Manjumoni Borah
First published: