মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১৭ ছেপ্টেম্বৰত ৰাজ্যত ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী, ৭ লাখ লোকক দিয়া হ’ব ভেকচিন

১৭ ছেপ্টেম্বৰত ৰাজ্যত ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী, ৭ লাখ লোকক দিয়া হ’ব ভেকচিন

News18 Assam | News18-Assam
Updated:September 15, 2021, 6:35 PM IST
১৭ ছেপ্টেম্বৰত ৰাজ্যত ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী, ৭ লাখ লোকক দিয়া হ’ব ভেকচিন
১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে।

১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে।

  • News18 Assam
  • Last Updated: September 15, 2021, 6:35 PM IST
  • Share this:
অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা কোভিড ভেকচিনেচন' কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে। সেইদিনা কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। এই কথা আজি সংবাদ মেলযোগে ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

অভিভাৱক মন্ত্ৰী, অভিভাৱক প্ৰধান সচিবসকলৰ লগতে অতিৰিক্তভাৱে আয়ুক্ত সচিবসকল ভাগে ভাগে কাইলৈ (১৬ ছেপ্টেম্বৰ) একো একোখন জিলাত উপস্থিত হৈ এই মেগা কোভিড ভেকচিনেচন ড্ৰাইভ তদাৰক কৰিব।

অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে।
Published by: Sanjay Kumar Das
First published: September 15, 2021, 6:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি