• Home
  • »
  • News
  • »
  • assam
  • »
  • মেগা ব্লাড ড'নেচন কেম্পেৰে উদযাপন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ জন্মদিন ! দেশজুৰি ১০০০ শিবিৰ অনুষ্ঠিত কৰাৰ লক্ষ্য ABTYPৰ ...

মেগা ব্লাড ড'নেচন কেম্পেৰে উদযাপন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ জন্মদিন ! দেশজুৰি ১০০০ শিবিৰ অনুষ্ঠিত কৰাৰ লক্ষ্য ABTYPৰ ...

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ ভাৰততে মেগা ব্লাড ডনেচন ড্ৰাইভ (MBDD) আয়োজন কৰাৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱক পৰিষদে ( ABTYP) প্ৰস্তুতি আৰম্ভ কৰিছে।

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ ভাৰততে মেগা ব্লাড ডনেচন ড্ৰাইভ (MBDD) আয়োজন কৰাৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱক পৰিষদে ( ABTYP) প্ৰস্তুতি আৰম্ভ কৰিছে।

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ ভাৰততে মেগা ব্লাড ডনেচন ড্ৰাইভ (MBDD) আয়োজন কৰাৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱক পৰিষদে ( ABTYP) প্ৰস্তুতি আৰম্ভ কৰিছে।

  • Share this:
২০২২ চনৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ ভাৰততে মেগা ব্লাড ডনেচন ড্ৰাইভ (MBDD) আয়োজন কৰাৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱক পৰিষদে ( ABTYP) প্ৰস্তুতি আৰম্ভ কৰিছে। সমগ্ৰ দেশজুৰি ১০০০ শিবিৰ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে বিশ্বৰ আটাইতকৈ ডাঙৰ ড্ৰাইভ হ'ব আৰু উক্ত শিবিৰত এক লাখ ইউনিট তেজ সংগ্ৰহ কৰাৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ'ব ।

স্বাধীনতা দিৱসৰ দিনা  ধুবুৰী তেৰাপন্থ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এমবিডিডিৰ বিষয়ে এইদৰে মত ব্যক্ত কৰে  এবিটিইপিৰ সৰ্বভাৰতীয় সভাপতি পংকজ দাগাই। দাগাই কয় যে এন এইচ এম (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান)ৰ পৰা বিশেষ সহায়, আমাৰ ফাউণ্ডেশ্যন আৰু বিভিন্ন প্ৰতিষ্ঠিত চৰকাৰী সংগঠনসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰে এই বৃহৎ ৰক্তদান অভিযান চলোৱাৰ লক্ষ্য স্থিৰ কৰিছে। ৩৫৫ টা শাখাৰ জৰিয়তে ৩ লাখ ইউনিট তেজ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ABTYP য়ে  দেশৰ অতি দুৰ্গম অঞ্চলতো শিবিৰ স্থাপন কৰিব। ১৭ ছেপ্টেম্বৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  জন্মদিন আৰু উক্ত দিনা   জনসাধাৰণক এই মহান  কাৰ্য্যৰ প্ৰতি আকৰ্ষিত কৰিব", বুলি  ডাগাই উল্লেখ কৰে।

সাংবাদিকৰ  প্ৰশ্নৰ উত্তৰত ডাগাই কয় যে তেওঁলোকে ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়  আৰু ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সৈতে আলোচনা কৰি ধুবুৰীত এতিয়ালৈকে ৫টা শিবিৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ মতে  ব্লাড বেংকত তেজ সংৰক্ষণৰ ক্ষমতাৰ অনুসৰি এই সংখ্যা বৃদ্ধি কৰাৰো সম্ভাৱনা আছে।

সংবাদ সভাত উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক আৰু বিজেপিৰ এজন জ্যেষ্ঠ নেতা বিমল ওছৱালেও ভাষণ দি কয় যে মেগা ৰক্তদান শিবিৰৰ এই অভিযানত ৰাজ্যৰ লগতে বিজেপিৰ ধুবুৰী জিলা ইউনিটে সমৰ্থন কৰিব আৰু এমবিডিডিৰ আয়োজনত সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা। সংবাদ মেলত এবিটিইপিৰ ধুবুৰী শাখাৰ সভাপতি বিকাশ চেতিয়াইও প্ৰস্তুতিৰ বিষয়ে বিতংভাৱে জনাই  এমবিডিডিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি ইয়াক এক ভৱিষ্যৎ সফল কৰিবলৈ সংবাদ মাধ্যমৰ পৰা সহযোগিতা বিচাৰে।

ইয়াৰ পূৰ্বে ABTYP ৰ কিছুমান ডাঙৰ কৃতিত্ব :২০১২:  শচীন টেণ্ডুলকাৰক ব্ৰেণ্ড এম্বেছাদৰ  হিচাপে লৈ MBDD ত ৯৬৬০০ ইউনিট তেজ সংগ্ৰহ কৰা হৈছিল।
২০১৪: বিবেক ওবেৰয়ক ব্ৰেণ্ড এম্বেছাদৰ  হিচাপে লৈ ১০০২১২ ইউনিট তেজ সংগ্ৰহ কৰাৰ লগতে এয়া ৰক্তদান সংগ্ৰহৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ ইউনিট হিচাপে স্বীকৃতি লাভ কৰে।
২০১৬: ননষ্টপ ৰক্তদান শিবিৰৰ আয়োজন কৰি বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰক্তদান অভিযান হিচাপে স্বীকৃতি লাভ কৰে।
২০১৮ চনঃ বিভিন্ন ঠাইত  একাধিক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
২০২০: covid ৰ সময়ত ৫৫ হাজাৰ ইউনিট তেজ সংগ্ৰহ আৰু ২০০০ প্লাছ প্লাজমা দান, covid সুস্থ হোৱা ৰোগীৰ পৰা বিশ্বৰ সৰ্বাধিক প্লাজমা সংগ্ৰহ হিচাপে ৰেকৰ্ড কৰা হৈছে।
এই সংগঠন বিগতদহ বছৰত ৫০০০০০০ ইউনিটতকৈ অধিক তেজ সংগ্ৰহ কৰিছে  যিয়ে পিছলৈ  লাখ লাখ মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছে।
Published by:Kokil Sarma
First published: