হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সংস্কাৰ কৰিবলৈ কেতবোৰ সিদ্ধান্ত লোৱা সম্পৰ্কত আজি গুৱাহাটীত আছুসহ চাৰিটা সংগঠনে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠত কৰে। সদৌ অসম ছাত্ৰ সন্থা (AASU), অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থকা এই সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, বড়ো সাহিত্য সভাৰ (Bodo Sahitya Sabha) সভাপতি তোৰেন বড়ো আৰু এবছুৰ মুৰব্বী দ্বিপেন বড়ো উপস্থিত আছিল।
আনহাতে আছুৰ তৰফৰ পৰা উপস্থিত থাকে সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি দীপাংক নাথ। সভাত মূলতঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লোৱা সিদ্ধান্তৰ চাৰি জাতীয় সংগঠনে বিৰোধিতা কৰে। সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে অসম সাহিত্য সভাই শিক্ষা সংস্কাৰৰ নামত চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে। বড়ো সাহিত্য সভাৰ সভাপতি তোৰেন বড়োৱে কয়- ''আমি চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস হৈ যাব। আমাৰ বিটিআৰ চুক্তিও উলংঘা হ'ল। আমি এই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। মানি ল’লে আমি জনসাধাৰণৰ ওচৰত জৱাবদিহি হ’ব লাগিব। আমি জিলাই জিলাই গৈ ৰাইজৰ মতামত লম আৰু ৰাইজে যদি কয় প্ৰতিবাদ কৰিব লাগে, তেতিয়া আমি আন্দোলন কৰিম।''
একেই মত প্ৰকাশ কৰে এবছুৰ মুৰব্বী দ্বীপেন বড়োৱেও। বড়োৱে চৰকাৰে কেবিনেটৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰৰ সিদ্ধান্ত অদূৰদৰ্শী, অবিজ্ঞানসন্মত আৰু অযুক্তিকৰ বুলি আখ্যা দি এই সিদ্ধান্তই অসমীয়া মাধ্যম,বড়ো মাধ্যম, মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব বুলি উল্লেখ কৰে। তেওঁ চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি প্ৰকাশ কৰি অসমীয়া মাধ্যম,বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত নিজ নিজ মাধ্যমত পাঠদান অব্যাহত ৰখাৰ দাবী জনায়।
যৌথ সভাত প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ শিক্ষক, শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ দাবী জনায়। ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰো দাবী তোলে যৌথ সভাই। যৌথ মঞ্চই চৰকাৰৰ সিদ্ধান্ত বাতিল নকৰালৈ ক্ষান্ত নহয় বুলি প্ৰকাশ কৰাৰ লগতে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি কেবিনেটৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে যৌথ মঞ্চই মুখ্যমন্ত্রীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব, ৰাজ্যৰ শিক্ষাবিদসকলৰ সৈতে আলোচনাত মিলিত হ'ব যৌথ মঞ্চ আৰু শীঘ্ৰেই এই সন্দৰ্ভত অনুষ্ঠিত কৰিব শৈক্ষিক অভিৱৰ্তন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|