• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী গতি শক্তি সম্পৰ্কীয় উত্তৰ-পূব আঞ্চলিক সন্মিলন, উপস্থিত থাকিব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী

কাইলৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী গতি শক্তি সম্পৰ্কীয় উত্তৰ-পূব আঞ্চলিক সন্মিলন, উপস্থিত থাকিব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী

উত্তৰ-পূৱত কিদৰে ৰূপায়ন কৰিব প্ৰধানমন্ত্ৰী গতি শক্তি- মাল্টি-মডেল সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন? 

উত্তৰ-পূৱত কিদৰে ৰূপায়ন কৰিব প্ৰধানমন্ত্ৰী গতি শক্তি- মাল্টি-মডেল সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন? 

উত্তৰ-পূৱত কিদৰে ৰূপায়ন কৰিব প্ৰধানমন্ত্ৰী গতি শক্তি- মাল্টি-মডেল সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন? 

  • Share this:
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে অহা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰধানমন্ত্ৰী গতি শক্তি- মাল্টি-মডেল সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সম্পৰ্কে উত্তৰ-পূব আঞ্চলিক সন্মিলনৰ আয়োজন কৰিছে।

অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু পশ্চিম বংগকে ধৰি উত্তৰ-পূব অঞ্চলৰ কাৰ্য পৰিকল্পনা আৰু প্ৰকল্পসমূহৰ ওপৰত এই সন্মিলনৰ আয়োজন কৰা হৈছে। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ এছ পুৰী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী (পিএনজি আৰু শ্ৰম) ৰামেশ্বৰ তেলী, অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ মন্ত্ৰীসকলে সন্মিলনখনত ভাষণ প্ৰদান কৰিব।

এই সন্মিলনে চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়/বিভাগক প্ৰকল্পসমূহৰ দক্ষ ৰূপায়ণ আৰু সময়মতে অনুমোদনৰ বাবে বিআইএছএজি-এন-ৰ দ্বাৰা প্ৰস্তুত কৰা কাৰিকৰী সমাধান আৰু স্থানিক পৰিকল্পনা সঁজুলিসমূহ অনুধাৱনত সহায় কৰিব। অনুকূল সংমিশ্ৰণ আৰু পৰিকল্পনাৰ সহায়ত সময়মতে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব পাৰিলে ই উচ্চ অৰ্থনৈতিক বিকাশ আৰু নিয়োগ সৃষ্টিত সহায়ক হ'ব। ডিজিটেল পদক্ষেপে সময়মতে অনুমোদন নিশ্চিত কৰা, সাম্ভাব্য সমস্যাবোৰ চিহ্নিত কৰাৰ লগতে প্ৰকল্পটো নিৰীক্ষণ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় আন্তঃগাঁথনি/ব্যৱহাৰকাৰী মন্ত্ৰালয়, উদ্যোগ আৰু আন্তঃগাঁথনি সংগঠনৰ প্ৰতিনিধিসকলেও আঞ্চলিক সন্মিলন আৰু কৰ্মশালাখনত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰকল্প/কাৰ্য পৰিকল্পনাসমূহ প্ৰদৰ্শন কৰিব।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে মাল্টি-মডেল সংযোগৰ বাবে আন্তঃগাঁথনি প্ৰকল্পৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে ২০২১ চনৰ ১৩ অক্টোবৰ তাৰিখে গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল। ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে সকলো বিদ্যমান আৰু প্ৰস্তাৱিত উন্নয়নমূলক পদক্ষেপসমূহ একত্ৰিত কৰাৰ বাবে এক ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰীয় মেগা প্লেনে এক যৌথ মঞ্চ প্ৰদান কৰিব য'ত সকলো অৰ্থনৈতিক খণ্ড আৰু এইবোৰৰ বহুমুখী সংযোগ আন্তঃগাঁথনি প্ৰদৰ্শন কৰা হ’ব।
Published by:Himangshu Bhuyan
First published: