আজি অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক

গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত অনুষ্ঠিত হ’ব এই বৈঠকখন।

News18-Assam
Updated:July 24, 2019, 7:36 AM IST
আজি অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক
গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত অনুষ্ঠিত হ’ব এই বৈঠকখন।
News18-Assam
Updated: July 24, 2019, 7:36 AM IST
আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক। গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত অনুষ্ঠিত হ’ব এই বৈঠকখন। ১৫ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৬নং দফাত উল্লেখ কৰা অনুসৰি অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ দিশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন ১৩ জনীয়া কমিটী গঠন কৰি দিছিল।

কমিটীত চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আৰু চুক্তি ৰূপায়ণৰ নডেল এজেন্সী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি