বিভিন্ন জনগোষ্ঠীক নেতৃত্ব দিয়া ত্ৰিশটাকৈ ছাত্র সংগঠন আৰু সামাজিক সংগঠনৰ স'তে আজি বিটিআৰ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিটিচিৰ সচিব প্ৰধান, কাৰ্যবাহী সদস্য আৰু বিভিন্ন বিভাগৰ সচিবসকলে অংশগ্ৰহণ কৰে। বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ আহ্বানমৰ্মে আজি বিটিচি সচিবালয়ৰ সভাকক্ষত ত্ৰিশটা জনগোষ্ঠীৰ ছাত্র সংগঠন আৰু সামাজিক সংগঠনৰ নেতৃবৃন্দ বডোফা নগৰস্থিত সচিবালয়ৰ সভাকক্ষত উপস্থিত হয় (Meeting with student organizations of BTR)।
উক্ত বৈঠকৰ পিছত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Pramod Bodo) সংবাদ মাধ্যমৰ আগত আজিৰ বৈঠকত অংশগ্ৰহণ কৰা বিভিন্ন জনগোষ্ঠীয় জাতীয় সংগঠনসকলে তেওঁলোকৰ ভূমিৰ সমস্যা, জাতিৰ প্ৰমাণ পত্ৰৰ সমস্যাৰ লগতে জনজাতিসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয়। বিটিচি চৰকাৰৰ ওপৰত তেওঁলোকে কৰা আশা-ভৰসাবোৰ কেনেকৈ পূৰণ কৰিব পাৰি তাৰ ওপৰতো আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
বিটিআৰৰ (BTR) মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আজিৰ বৈঠকক লৈ সন্তুষ্টি প্ৰকাশ কৰি যোগাত্মক আলোচনা হৈছে বুলি উল্লেখ কৰি অনাগত দিনত বড়োভূমিত বসবাস কৰা সকলো জাতি -জনগোষ্ঠী মিলি একেলগে আগবাঢ়ি যাব বুলি উল্লেখ কৰে । বিটিআৰ চৰকাৰ প্ৰতিটো জাতি-জনজাতি ভাষা-সাহিত্য-সংস্কৃতিৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত দায়িত্ব পালন কৰিব বুলি জানিবলৈ দিয়ে আৰু একেলগে মিলি সৰ্বাংগীণ উন্নতিৰ বাবে কাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ সকলো জনগোষ্ঠীৰ সমস্যাসমূহ লাহে লাহে সমাধান হ'ব আৰু সকলো জনগোষ্ঠীৰ সুস্থ আৰু সুন্দৰ পৰিৱেশত বসবাস কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে কো-অৰ্ডিনেচন কমিটী ফৰ বিটিআৰ অৰ্গেনাইজেচনৰ আহ্বায়ক সংগঠন নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ উপ-সভাপতি খৌৰৌমদাউ ৱাৰীয়ে আজিৰ বৈঠকত বিভিন্ন জাতি-জনজাতিৰ সমস্যাবোৰ সমাধান কৰিবলৈ এটি পাঁচজনীয়া সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে । ছাত্ৰ নেতাগৰাকীয়ে বিটিআৰত বাস কৰা সমূহ সংগঠনে শান্তি শৃংখলা বজাই ৰখাত সহায়-সহযোগ আগবঢ়োৱা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে আজিৰ বৈঠকত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে', ৰঞ্জিত কুমাৰ বসুমতাৰী, উইলছন হাছদা, গৌতম দাস, ৰণেন্দ্ৰ নাৰ্জাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা মাধৱ ছেত্ৰীকে ধৰি বিভিন্ন প্ৰশাসনিক বিষয়া আৰু নিখিল বড়ো ছাত্র সন্থা ,সদৌ আদিবাসী ছাত্র সন্থা , বিটিআৰ এছ চি ষ্টুডেন্ট ইউনিয়ন, বিটিআৰ গোৰ্খা সমাজ , দুলাৰাই বড়ো হাৰিমু আফাদ, সদৌ মদাহী কছাৰী ছাত্র সন্থা , আচাম উড়িয়া যুৱ ছাত্র পৰিষদ , সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা , সদৌ বিটিআৰ নাথ যোগী ছাত্র সন্থা ,সদৌ বিটিআৰ সূত্ৰধৰ সন্মিলন, সদৌ বিটিআৰ অনুসূচিত জাতি পৰিষদ, সদৌ বিটিআৰ সংখ্যা লঘু ছাত্র সন্থা (এবিএমছু), বিটিআৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম সংখ্যা লঘু ছাত্র সন্থা ( আমছু) সদৌ ৰাভা ছাত্ৰ সন্থা , সদৌ হাজং ছাত্র সন্থা , সদৌ কুৰুক ( উৰাও ) ছাত্র সন্থা , সদৌ বৰ্মণ মন্দই ছাত্র সন্থা ,সদৌ ৰাভা মহিলা পৰিষদ কোকৰাঝাৰ জিলা সমিতি , বিটিআৰ কেওট জাতীয় পৰিষদকে ধৰি ত্ৰিশ টা সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|