মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Paper Mill: মুখ্যমন্ত্ৰীয়ে দিব ভাল খবৰ ! সমাধানৰ দিশে কাছাৰ আৰু জাগীৰোড কাগজ কলৰ সমস্যা...

Paper Mill: মুখ্যমন্ত্ৰীয়ে দিব ভাল খবৰ ! সমাধানৰ দিশে কাছাৰ আৰু জাগীৰোড কাগজ কলৰ সমস্যা...

News18 Assam | News18-Assam
Updated:September 6, 2021, 9:54 PM IST
Paper Mill: মুখ্যমন্ত্ৰীয়ে দিব ভাল খবৰ ! সমাধানৰ দিশে কাছাৰ আৰু জাগীৰোড কাগজ কলৰ সমস্যা...
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুষ হাজৰিকাই যৌথ সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, গোটেই বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুষ হাজৰিকাই যৌথ সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, গোটেই বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে৷

  • Share this:
জাগীৰোড আৰু কাছাৰ কাগজ কলৰ (Paper mill) ১০ খন কৰ্মচাৰী পৰিষদৰে ৰাজ্য চৰকাৰৰ বৈঠক৷ আজি AIDCৰ কাৰ্যালয়ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাৰ সৈতে কৰ্মচাৰী পৰিষদসকলৰ বৈঠক অনুষ্ঠিত হয়।

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে সৈতে হোৱা বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুষ হাজৰিকাই যৌথ সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে,আলোচনা সৌহাদ্যপূৰ্ণ অৱস্থাত সমাপ্ত হৈছে৷ গোটেই বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব বহু কথা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছে৷ বৈঠকত তেওঁলোক আশ্বস্ত হৈছে৷ মুখ্যমন্ত্ৰীয়ে ভাল খবৰটো ৰাইজক দিব৷ আমিও সুখী তেওঁলোকো সুখী৷  ইপিনে  বৈঠক  ইতিবাচক আখ্যা কৰ্মচাৰী পৰিষদৰ৷ প্ৰায় সকলো দাবী ৰাজ্য চৰকাৰে মানি লৈছে।  কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া  সমস্যাটো খুব সোনকালে সমাধান হোৱাৰ আশা প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদে। বৈঠকত কাগজ কলৰ কৰ্মচাৰীৰ আৱাসগৃহ খালী কৰাৰ প্ৰসংগত আশ্বাস। সদ্যহতে খালী কৰিব নালাগে আৱাসগৃহ৷ মন্ত্ৰী পিয়ুষ হাজৰিকাই এই আশ্বাস প্ৰদান কৰা বুলি কৰ্মচাৰী পৰিষদে জনায়।
Published by: Kokil Sarma
First published: September 6, 2021, 9:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি