মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যজুৰি চৰ্চাত থকা AAPৰ নেত্ৰী অতিশী মাৰ্লেনাক জানেনে? দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অনা অতিশীৰ আছে ব্ৰিলিয়েণ্ট Academic Career...

ৰাজ্যজুৰি চৰ্চাত থকা AAPৰ নেত্ৰী অতিশী মাৰ্লেনাক জানেনে? দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অনা অতিশীৰ আছে ব্ৰিলিয়েণ্ট Academic Career...

আতিশীৰ বিৰুদ্ধে এনে অভিযোগ অনাৰ সময়তে নেত্ৰীগৰাকীৰ সন্দৰ্ভত বহু তথ্য শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।

আতিশীৰ বিৰুদ্ধে এনে অভিযোগ অনাৰ সময়তে নেত্ৰীগৰাকীৰ সন্দৰ্ভত বহু তথ্য শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।

আতিশীৰ বিৰুদ্ধে এনে অভিযোগ অনাৰ সময়তে নেত্ৰীগৰাকীৰ সন্দৰ্ভত বহু তথ্য শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।

  • Share this:
দিল্লী বিধানসভাৰ বিধায়িকা আতিশী মাৰ্লেনা শেহতীয়াকৈ ৰাজ্যজুৰি ব্যাপক চৰ্চাত আছে। গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে অসমীয়া স্বাভিমানৰ প্ৰতীক জাপিক অপমান কৰা বুলি বিজেপি দলে অভিযোগ উত্থাপিত কৰিছে। আনকি মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি নেত্ৰীগৰাকীক ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছে।

আতিশীৰ বিৰুদ্ধে এনে অভিযোগ অনাৰ সময়তে নেত্ৰীগৰাকীৰ সন্দৰ্ভত বহু তথ্য শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনত আছে আতিশীৰ গুৰুত্বপূৰ্ণ অৱদান।

জানো আহক আতিশী মাৰ্লেনাৰ বিষয়েঃ

  • আতিশী দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় সিং আৰু ত্ৰিপ্তা ৱাহিৰৰ কন্যা।

  • কাৰ্ল মাৰ্ক্স আৰু ভ্লাদিমিৰ লেনিনৰ নামৰ সংমিশ্ৰণেৰে তেওঁৰ নাম মাৰ্লেনা ৰখা হৈছিল।

  • ২০০১ চনত তেওঁ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত ৰোডছ স্কলাৰ হিচাপে অধ্যয়ন কৰিবলৈ যায়।

  • আতিশীয়ে কৰ্ণাটকৰ ঋষি ভেলী স্কুলত অধ্যাপনা কৰিছিল।

  • তেওঁ সম্ভাৱনা ইনষ্টিটিউট অব পাব্লিক পলিচীকে ধৰি কেইবাটাও NGOৰ লগত জড়িত। তেওঁৰ আগ্ৰহ নীতি নিৰ্ধাৰণ আৰু শিক্ষাৰ ওপৰতে নিহিত আছে।

  • ২০১৯ চনৰ মে মাহত তেওঁ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে আৰু পূব দিল্লী সমষ্টিত ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ হাতত পৰাজিত হয়।

  • পিছত আতিশীক দিল্লীৰ শিক্ষামন্ত্ৰীৰ পৰামৰ্শদাতাৰ দায়িত্ব দিয়া হয়। তেওঁৰ পৰামৰ্শ অনুসৰি, এক নতুন নাৰ্চাৰী পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে, শিক্ষকসকলৰ বাবে প্ৰশিক্ষণ অধিৱেশন দুগুণ কৰা হৈছে, অতিথি শিক্ষকৰ নিযুক্তি দ্ৰুতগতিত কৰা হৈছে, আৰু অভিভাৱক-শিক্ষক সভা বাধ্যতামূলক কৰা হৈছে।

  • তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু কালকাজী সমষ্টিৰ পৰা জয়ী হৈছিল।

শেহতীয়া বাতৰি