ভয়ংকৰ ঘটনা! প্ৰসৱৰ ডেৰ মাহৰ পিছত মহিলাৰ দেহৰ পৰা ওলাল চিকিত্সাৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী!

ৰোগীৰ জীৱনকলৈ যেন হেতালি খেলিছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ে।
ৰোগীৰ জীৱনকলৈ যেন হেতালি খেলিছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ে।
- News18 Assam
- Last Updated: July 25, 2020, 12:43 PM IST
হাইলাকান্দি নগৰৰ আশ্ৰম ৰোড এলেকাৰ নিৰ্মল শৰ্মাৰ পত্নী ৰিয়া শৰ্মাই যোৱা জুন মাহৰ ১২ তাৰিখত শিলচৰৰ নাইটেংগল হাস্পতালত জন্ম দিছিলে এটি কন্যা সন্তান। কিন্তু প্ৰসৱৰ ডেৰ মাহৰ পিছতো মহিলাগৰাকীৰ দেহৰ পৰা তেজ ওলোৱা বন্ধ হোৱা নাছিল। লগতে মহিলাগৰাকীয়ে প্ৰচণ্ড বিষ অনুভৱ কৰিছিল।

কিন্তু শুকুৰবাৰে নিশা মহিলাগৰাকী সন্মুখীন হ’ল এক অনাকাংক্ষিত পৰিস্থিতিৰ। ৰিয়া শৰ্মা নামৰ মহিলা গৰাকীৰ দেহৰ ভিতৰৰ পৰা প্ৰস্ৰাৱদ্বাৰেৰে ওলাই আহিল প্ৰায় ১ফুট দীঘল বেণ্ডেজ আৰু তুলা। পিছত মহিলাগৰাকীয়ে যেতিয়া এই কথা অৱগত কৰে, লগে লগে সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনেদৰে ৰোগীৰ জীৱনকৈ হেতালি খেলা চিকিত্সালয়খনৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সচেতন মহল।