মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগৰ আন্তগাথনিৰ ফোপোলা স্বৰূপ, উৰ্ধতম কৰ্তৃপক্ষৰ অৱহেলাৰ নিদৰ্শন গহপুৰত। 

গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগৰ আন্তগাথনিৰ ফোপোলা স্বৰূপ, উৰ্ধতম কৰ্তৃপক্ষৰ অৱহেলাৰ নিদৰ্শন গহপুৰত। 

News18 Assam | News18-Assam
Updated:July 8, 2021, 9:44 PM IST
গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগৰ আন্তগাথনিৰ ফোপোলা স্বৰূপ, উৰ্ধতম কৰ্তৃপক্ষৰ অৱহেলাৰ নিদৰ্শন গহপুৰত। 
গহপুৰৰ বিলতীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা দশকৰো অধিক কাল মেৰামতি নকৰাত বাসগৃহসমূহ ভূত বাংলাত পৰিণত হৈছে।

গহপুৰৰ বিলতীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা দশকৰো অধিক কাল মেৰামতি নকৰাত বাসগৃহসমূহ ভূত বাংলাত পৰিণত হৈছে।

  • Share this:
গ্ৰাম্যাঞ্চলৰ একাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তঃগাঁথনিৰ দুৰৱস্থা বৰ্তমানেও দূৰ নোহোৱাত স্বাস্থ্য কেন্দ্ৰত সঠিকভাবে স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নানান অসুবিধাৰ সৃষ্টি হৈছে। গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বিলতীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ অন্তঃগাঁথনিও দীৰ্ঘদিন ধৰি শোচনীয় হৈ আছে।

গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰি দলনী আৰু ৰাঙলিয়াল গাঁও পঞ্চায়তৰ কুৰিৰো অধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰাথমিক চিকিৎসাৰ একমাত্ৰ আশা- ভৰসাৰ থলী বিলতীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলৰ অধিকাংশ আবাস গৃহ জহি-খহি আৰু জংঘলৰে আবৃত হৈ বসবাসৰ বাবে সম্পূৰ্ণভাবে অনুপযোগী হৈ পৰিছে। বিগত প্ৰায় এটা দশকৰো অধিক কাল ধৰি বাসগৃহসমূহ এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈ আছে যদিও আজিকোপতি অসম চৰকাৰৰ স্বাস্থ্য বিভাগটোৰ উৰ্ধতম কৰ্তৃপক্ষই আবাস গৃহসমূহ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ ক্ষেত্রত সামান্যতমো মনোযোগ প্ৰদান নকৰিলে। ফলস্বৰূপে দিনক দিনে বিধ্বস্ত হৈ পৰা আবাসগৃহসমূহৰ লগতে ইয়াৰ চৌহদ বৰ্তমান এক অগম্য এলেকাত পৰিণত হৈছে।

জানিব পৰা মতে, আবাস গৃহৰ এনে দুৰৱস্থাৰ বাবেই সম্প্ৰতি দুগৰাকী জিএনএম (GNM) নাৰ্ছ, এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী লেবৰেটৰী টেকনিচিয়ান আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ পৰা নিলগৰ ভাৰাঘৰ অথবা নিজা বাসগৃহৰ পৰা অহা-যোৱা কৰি সেৱা আগবঢ়াব লগা হৈছে।

স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকগৰাকীৰ আবাসগৃহটোও বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে আৰু অনতিপলমে মেৰামতি কৰাটো জৰুৰী হৈ পৰিছে।
Published by: Manjumoni Borah
First published: July 8, 2021, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি