দেওবাৰে দেশৰ নামত চিকিৎসালয়খন উছৰ্গা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
দেওবাৰে দেশৰ নামত চিকিৎসালয়খন উছৰ্গা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
গুৱাহাটীৰ জি এম চি এইচত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান চিকিৎসা কেন্দ্ৰটো দেওবাৰে দেশৰ বাবে উছৰ্গা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দেওবাৰে উদ্বোধন কৰা অত্যাধুনিক চিকিৎসালয়খনৰ চিকিৎসা সেৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰথম দিনটোতে হাস্পতালখনত যথেষ্টসংখ্যক ৰোগীৰ ভিৰ পৰিলক্ষিত হয়। চিকিৎসালয়খনত থাকিবলগীয়া সুবিধাসমূহৰ ভিতৰত অন্যতম হ'ল যে এই হাস্পতালখনত চাৰিটা বিভাগৰ লগতে ছাপোৰ্টিভ বিভাগসমূহে সকলো সময়তে কাম কৰি থাকিব।
নতুন চিকিৎসালয়খনৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যই NEWS18ক জনোৱা মতে, হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান (Cardiothoracic and Neurosciences Centre) চিকিৎসালয়খনত মুঠ ৩০০ খন বিছনা থাকিব, য'ত মুঠতে ৪০টা আই চি ইউ আছে, আনহাতে জৰুৰীকালীন ১৬খন আই চি ইউ বেড, জৰুৰীকালীন ১২খন সাধাৰণ বিছনা আৰু ৩৮টা অত্যাধুনিক কেবিন প্ৰাইভেট কোঠা আছে চিকিৎসালয়খনত।
দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, অতুল বৰা, অশোক সিংহাল, পৰিমল শুক্লবৈদ্য, বিমল বৰা, যোগেন মহন, ইউ জি ব্ৰহ্ম, সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত আছিল। ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন গুৱাহাটীত পাই আনন্দিত চিকিৎসকসকলৰ লগতে সৰ্বসাধাৰণ লোক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|