দুদিন পিছত শ্ৰীলংকাৰ সৈতে T-20 মেচ, কিন্তু এতিয়াও কিয় গুৱাহাটীত উপস্থিত হোৱা নাই টীম ইণ্ডিয়া?

News18 Assam | News18-Assam
Updated:January 2, 2020, 8:28 PM IST
দুদিন পিছত শ্ৰীলংকাৰ সৈতে T-20 মেচ, কিন্তু এতিয়াও কিয় গুৱাহাটীত উপস্থিত হোৱা নাই টীম ইণ্ডিয়া?
ফাইল ফটো

CAAৰ প্ৰতিবাদক লৈ অসম উত্তাল হৈ থকাৰ কাৰণে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত শ্ৰীলংকাৰ টীমক কটকটীয়া নিৰাপত্তাৰ মাজেৰে হোটেললৈ নিয়া হৈছিল।

  • Share this:
লাচিথ মালিংগাৰ নেতৃত্বত টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিবলৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় শ্ৰীলংকাৰ টীম। টি–২০ মেচৰ তিনিদিনীয়া চিৰিজ খেলিবলৈ উপস্থিত হোৱা শ্ৰীলংকাৰ টীমক কটকটীয়া নিৰাপত্তাৰ মাজত হোটেললৈ নিয়া হয়। কিন্তু ভাৰতীয় দলটো এতিয়াও গুৱাহাটীত উপস্থিত হোৱা নাই। ভাৰতীয় টীমৰ মেনেজমেণ্টে জনোৱা মতে বেলেগ বেলেগ ফ্লাইটেৰে গুৱাহাটীত উপস্থিত হ’ব ভাৰতীয় দলটো। হিন্দুস্তান টাইমছে প্ৰকাশ কৰা মতে অসম ক্ৰিকেট  এছ’চিয়েশ্যনৰ অধ্যক্ষ ৰুমন দত্তই জনাইছে যে ভাৰতীয় দলটো শুকুৰবাৰে পুৱাহে গুৱাহাটীত উপস্থিত হ’ব।

‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৱলীৰ কাৰণে ভাৰতীয় দলটো অলপ দোধোৰ–মোধোৰ স্থিতিত থকাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মাধ্যমে। ডিচেম্বৰৰ বিক্ষোভৰ সময়ত ৰঞ্জী আৰু ১৯বছৰৰ অনুৰ্ধৰ খেল প্ৰভাৱিত হৈছিল। অসম ক্ৰিকেটৰ তৰফৰ পৰা সংবাদমাধ্যমক জনোৱা মতে দুয়োটা টীমৰে প্ৰেকটিছৰ সময় সুকীয়া আৰু ভাৰতীয় টীমে শ্ৰীলংকাৰ টীমৰ পিছতহে অভ্যাস কৰিব। এচিএয়ে লগতে ৰাষ্ট্ৰীয় মাধ্যমক জনায় যে, পৰিস্থিতি এতিয়া অসমত একেবাৰ স্বাভাৱিক আৰু ১০জানুৱাৰীত খেল’ ইণ্ডিয়াৰ উদ্যোক্তাৰ দায়িত্বও অসমে লৈছে আৰু ইয়াত প্ৰায় ৭হাজাৰ খেলুৱৈয়ে অংশ ল’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি