ৰাজ্যৰ ১৮গৰাকী সাংবাদিকলৈ মিডিয়া ফেল’শ্বিপ, ২০গৰাকী সাংবাদিকলৈ এককালীন অনুদান, সন্মান লাভৰ তালিকাত News18ৰ দুই সাংবাদিক, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:January 29, 2021, 12:15 PM IST
ৰাজ্যৰ ১৮গৰাকী সাংবাদিকলৈ মিডিয়া ফেল’শ্বিপ, ২০গৰাকী সাংবাদিকলৈ এককালীন অনুদান, সন্মান লাভৰ তালিকাত News18ৰ দুই সাংবাদিক, জানক সবিশেষ
এককালীন অনুদান প্ৰাপ্ত সাংবাদিক সকলক চৰকাৰে প্ৰদান কৰিব ৫০ হাজাৰকৈ টকা ।

এককালীন অনুদান প্ৰাপ্ত সাংবাদিক সকলক চৰকাৰে প্ৰদান কৰিব ৫০ হাজাৰকৈ টকা ।

  • Share this:
ৰাজ্যৰ মুঠ ১৮ গৰাকী সাংবাদিকক তথ্য আৰু জনসংযোগ বিভাগৰ ২০২০-২০২১ বৰ্ষৰ মিডিয়া ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে । এক নিৰ্দিষ্ট বিষয়ত গৱেষণাৰ বাবে চৰকাৰে যোৱা প্ৰায় তিনি বছৰে এই ফেল’শ্বিপ প্ৰদান কৰি আহিছে । এই ফেল’শ্বিপ প্ৰাপ্ত সকললৈ চৰকাৰে ৫০ হাজাৰ টকাকৈ আগবঢ়ায় ।

এইবাৰ মিডিয়া ফেল’শ্বিপ লাভ কৰা সাংবাদিক সকল হ’ল –ৰিতুল ভাগৱতী ( News18 অসম NE), অমৰেন্দ্ৰ ডেকা ( প্ৰতিদিন টাইম ) ,বিভাষ বৰ্ধন(নৱবাৰ্তা প্ৰসংগ) ,চন্দন জ্যোতি বৰা ( দৈনিক অসম ),চন্দন শৰ্মা ( মুক্ত সাংবাদিকতা ) ,চিন্ময় শৰ্মা ( আমাৰ অসম ), দিগন্ত চহৰীয়া ( প্ৰাগ নিউজ), দীপ কুমাৰ কলিতা ( দ্যা চেন্টিনেল ), জোনজ্যোতি দত্তবৰা ( প্ৰাগ নিউজ), কংকনা গোস্বামী  ( এন.ই.নিউজ),লক্ষ্যজিৎ গোহাঁই ( প্ৰতিদিন টাইম),মানস প্ৰতিম দত্ত ( দ্যা আসাম ট্ৰিবিউন ),মিতালী কোঁৱৰ ( প্ৰতিদিন টাইম ),পংকজ শইকীয়া ( প্ৰতিদিন টাইম), প্ৰস্তুতি গগৈ ( প্ৰাগ নিউজ), প্ৰীতিৰেখা ভূঞা ( মুক্ত সাংবাদিকতা ) আৰু ৰূপালী বৰা ( এন ই নিউজ ) ।

ইফালে বিগত তিনি বছৰে জনসংযোগ বিভাগৰ এককালীন অনুদান প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে । সাংবাদিক সকলৰ বৃত্তিগত উৎকৰ্ষ সাধনৰ বাবে ৰাজ্য চৰকাৰে এই এককালীন অনুদান আগবঢ়ায় । এককালীন অনুদান প্ৰাপ্ত সাংবাদিক সকলক চৰকাৰে প্ৰদান কৰিব ৫০ হাজাৰকৈ টকা ।

এইবাৰ এককালীন অনুদানৰ বাবে নিৰ্বাচিত হোৱা সাংবাদিক সকল হৈছে – বিপুল বৰ্মন ( News18 অসম NE ), অনন্ত নাৰায়ণ বৰঠাকুৰ ( দৈনিক জনমভূমি ), অনুপ বিশ্বাস ( দ্যা আসাম ট্ৰিবিউন ),অৰূপ ৰঞ্জন বৰ্মন ( নিয়মীয়া বাৰ্তা ) আগষ্টাইন টেৰেন ( দ্যা হিলছ টাইম ),বাপন চন্দ্ৰ শৰ্মা ( নিয়মীয়া বাৰ্তা ),বিদ্যুৎ কলিতা ( অসমীয়া প্ৰতিদিন ) , বিপুল শইকীয়া ( দৈনিক অসম ) ,চম্পক বৈশ্য ( আমাৰ অসম ),ডালিম ফুকন ( দ্যা আসাম ট্ৰিবিউন ) , দেৱজিৎ হাজৰিকা ( অসমীয়া প্ৰতিদিন ), দিৱাকৰ শইকীয়া ( দৈনিক জনমভূমি ) দীপক কুমাৰ শৰ্মা ( অসমীয়া প্ৰতিদিন),জয়ন্ত কুমাৰ দাস ( ডি ৱাই ৩৬৫ ),জীতেন বৰকাকতী ( অসমীয়া খবৰ ),নয়ন প্ৰতীম কুমাৰ ( প্ৰতিদিন টাইম ) , পুলেন কুমাৰ দাস ( অসমীয়া প্ৰতিদিন ),শৈলেন কুমাৰ শইকীয়া ( আমাৰ অসম ) , সঞ্জয় চক্ৰৱৰ্তী ( এনডি টিভি ) আৰু উৎপল ডেকা ( দৈনিক অসম ) ।

অহা ৬ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১১.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিডিয়া ফেল’শ্বিপ আৰু এককালীন অনুদান সমূহ প্ৰদান কৰিব ।
First published: January 29, 2021, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি