আত্মবিশ্বাস থাকিলে আৰ্থিক সংকটৰ মাজটো মনৰ হেঁপাহ পূৰণ কৰিব পাৰি । হয়,এজন মাংস ব্যৱসায়ী যুৱকে নিৰ্মাণ কৰি উলিয়ালে এখন পূৰ্ণ দৈৰ্ঘৰ অসমীয়া ছবি। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাঁৱৰ উদিয়মান অভিনেতা, পৰিচালক তথা সাংস্কৃতিক কৰ্মী দিৱস দৰ্শন নামৰ যুৱকজনে নিৰ্মাণ কৰিছে এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া কথাছবি। ছবিখনৰ নাম "অমিতাভ"।
যোৱা লক ডাউনত আৰ্থিকভাৱে তেনেই জুৰুলা হৈ পৰে দিৱস দৰ্শন। উপায়হীন হৈ দিৱসে মিৰ্জা বিজয়নগৰৰ সৰপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এখন দৈনিক মাংস বিক্ৰী কৰা দোকান আৰম্ভ কৰে। দিৱসে মাংস ব্যৱসায়ৰ সমান্তৰালকৈ নিজৰ সপোনৰ পম খেদি নিৰ্মাণ কৰিছে অসমীয়া কথাছবি "অমিতাভ"। ২০১৭ চনৰ পৰা পৰ্যায়ক্ৰমে ২০২০ চনলৈ কথাছবিখনৰ দৃশ্য গ্ৰহণ কৰাৰ লগতে যাৱতীয় কাম প্ৰায় ৯০% সম্পূৰ্ণ হৈ উঠিছে।
মহামাৰী কোৰোণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে কিছু কাম পিছ পৰি আছে যাৰ ফলত কথাছবিখন মুক্তি দিব পৰা নাই।
দিৱস দৰ্শনে ৰচনা আৰু পৰিচালনা কৰা "অমিতাভ" কথাছবিখনত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিৰ লগতে অৰুণ হাজৰিকা, দেৱজিত মজুমদাৰ, ভাৰ্গৱ কটকী, অমূল্য কুমাৰ, প্ৰতিভা চৌধুৰীকে ধৰি বহু নবিন–প্ৰবীণ শিল্পীয়ে অভিনয় কৰিছে ।
কোভিড পৰিস্থিতি কিছু শিথিল হ'লেই 'অমিতাভ' কথাছবিখন ৰাইজৰ মাজত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে পৰিচালক দিৱস দৰ্শনে। শিশুৰ পৰা বৃদ্ধলৈ সকলো ৰাইজে উপভোগ কৰিব পৰাকৈ অসমৰ গ্ৰাম্য অৰ্থনীতি, শিক্ষা আৰু জীৱন সংগ্ৰামক লৈ এটি সাৱলীল কাহিনীৰে ছৱিখন উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক দিৱস দৰ্শনে।
আৰ্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰা এই প্ৰতিভাৱান যুৱক জনে প্ৰচণ্ড ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ বাবেই পুৰণ কৰিব পাৰিছে তেওঁৰ সপোন ।
এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দিৱস দৰ্শনে সৰুৰে পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন নাট প্ৰতিযোগীতাত অভিনয়, পৰিচালনা, সংগীত পৰিচালনা কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলি আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|