• Home
  • »
  • News
  • »
  • assam
  • »
  • কিমান টকাত কিনিছে মাংস? গ্ৰাহকক লুণ্ঠন একাংশ আসাধু মাংস ব্যৱসায়ীৰ

কিমান টকাত কিনিছে মাংস? গ্ৰাহকক লুণ্ঠন একাংশ আসাধু মাংস ব্যৱসায়ীৰ

পশুপালন বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মহানগৰীত বিক্ৰী হৈছে ছাগলী আৰু কুকুৰাৰ মাংস

পশুপালন বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মহানগৰীত বিক্ৰী হৈছে ছাগলী আৰু কুকুৰাৰ মাংস

পশুপালন বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মহানগৰীত বিক্ৰী হৈছে ছাগলী আৰু কুকুৰাৰ মাংস

  • Share this:
পশুপালন বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মহানগৰীত বিক্ৰী হৈছে ছাগলী আৰু কুকুৰাৰ মাংস।  লক ডাউনৰ সময়ছোৱাত বিভাগটোয়ে প্ৰতি কেজি ছাগলী মাংস ৬৫০ টকা আৰু কুকুৰাৰ মাংস ২২০ টকা নিৰ্ধাৰণ কৰি দিছিল। কিন্তু মহানগৰীৰৰ বিভিন্ন অঞ্চলত ছাগলীৰ মাংস প্ৰতি কেজিত ৭৫০-৮০০ টকা আৰু ব্ৰয়লাৰ মাংস ৩০০ টকাত বিক্ৰী হৈছে।

বিশেষকৈ মহানগৰীৰ চানমাৰি, নুনমাটি, নাৰেংগী, সাতগাঁও, লালমাটি, বেহাৰবাৰী, লালগণেশ, আঠগাঁও, শান্তিপুৰ, বাঘৰবৰী, কাহিলিপাৰা, লালগণেশ, ফটাশিল আমবাৰী, পল্টন বজাৰ, আঠগাঁও, মালিগাঁও, পাণ্ডু আদি বিভিন্ন ঠাইত সংশ্লিষ্ট পক্ষই নির্ধাৰণ কৰি দিয়া দামতকৈ একাংশ অসাধু ব্যৱসায়ীয়ে প্রতি কিলোগ্রামত ৭০০ৰ পৰা ৮০০ টকাকৈ মাংস বিক্রী কৰি গ্রাহকক দিছে ৰাম ঠগন।

দেওবাৰে পুৱা  এনে  লুণ্ঠনৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানত চলালে আভিযান। অভিযানত পৌৰ নিগমৰ বিষয়াৰ দলটোৱে অনুমতিপ্রাপ্ত কছাইখানাত ছাগলী নিধন তথা লেতেৰা পৰিৱেশত মাংস বিক্ৰীকৰাৰ বাবে বাচেৰাবভাটিৰ এখন ছাগলী মাংসৰ দোকানক ১৫ হাজাৰ টকা জৰিমনা বিহে ৷
First published: