মুখ্যপৃষ্ঠা »খবৰ »অসম »আজি মে–ডাম–মে–ফি, ধৰ্মীয় ৰীতি–নীতি আৰু পৰম্পৰা অনুযায়ী পূৰ্ব পুৰুষক স্মৰণ, দেশ–দহৰ মংগল কামনা

আজি মে–ডাম–মে–ফি, ধৰ্মীয় ৰীতি–নীতি আৰু পৰম্পৰা অনুযায়ী পূৰ্ব পুৰুষক স্মৰণ, দেশ–দহৰ মংগল কামনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফি পালন কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফি পালন কৰা হৈছে।

  • Share this:
আজি মে–ডাম–মে–ফি। প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফি৷ টাই-আহোম জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষক স্মৰণ কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফি পালন কৰা হৈছে।

পৰম্পৰাগত প্ৰথাৰে আমগুৰি ৰঘুতলত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মে–ডাম–মে–ফি উদযাপন কৰা হৈছে। পৰম্পৰাগত বানফি প্ৰথাৰে টাই আহোমসকলে উপৰি পুৰুষৰ লগতে এই জগতৰ দহটা শক্তিক উপাস্য ৰূপে গণ্য কৰি প্ৰসাদ, নৈবেদ্য আগৱঢ়াই টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে স্থানীয় ৰাইজে আশীৰ্বাদ গ্ৰহণ কৰে।

শিৱসাগৰৰ ঐতিহাসিক ঘনশ্যাম খনিকৰ মন্দিৰৰ কাষৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানতো মে–ডাম–মে–ফি পালন। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত টাই সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগতো পালন কৰা হৈছে মে-ডাম-মে-ফি।

ইফালে, গুৱাহাটীৰ হাতীগাঁও নটবমাস্থিত ছ্যুকাফা নগৰতো উদযাপন কৰা হৈছে মে–ডাম–মে–ফি। অনুষ্ঠানত বন্তি প্ৰজ্বলন তথা মৈদামত তৰ্পণ কৰে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন অতনু গোহাঁয়ে।

নাহৰকটীয়াৰ তিপামত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্ৰীয় মে-ডাম-মেফিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী তিপামত আহোম স্বৰ্গদেও চ্যুকাফাই প্ৰতিষ্ঠা কৰা দেওশাল থানত পৰম্পৰাগত পূজাত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি