চিকিৎসক হ’ব বিচৰা শিক্ষাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই । মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থাৰ অধীনত অসমৰ ৬খন চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা অতিৰিক্তভাৱে ১৭৪খন বৃদ্ধিৰ অনুমোদন দিছে৷
ফলত ৰাজ্যত এম বি বি এছ পাঠ্যক্ৰমৰ আসন ৯০০খনলৈ বৃদ্ধি পাব ৷ ইয়ে চিকিৎসা বিজ্ঞান পঢ়াৰ প্ৰতি আগ্ৰহী বহু যুৱক-যুৱতীক উপকৃত কৰিব৷ এই কথা ছচিয়েল মিডিয়া যোগে জানিবলৈ দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by: Dulu Medhi
FIRST PUBLISHED : June 21, 2019, 20:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।