ছাত্ৰ ছাত্ৰীসকলৰ দাবী, কোভিড পৰিস্থিতিৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা দুখীয়া পৰিয়ালৰ ছাত্ৰ–ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব লাগে৷
ছাত্ৰ ছাত্ৰীসকলৰ দাবী, কোভিড পৰিস্থিতিৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা দুখীয়া পৰিয়ালৰ ছাত্ৰ–ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব লাগে৷
ৰাজ্যৰ মহাবিদ্যালয়সমূহত পঞ্চম ষাণ্মাসিকত নামভৰ্তিৰ পৰ্ব আৰম্ভ হৈছে৷ পিছে পঞ্চম ষাণ্মাসিকত নামভৰ্তিৰ পূৰ্বে এইদৰে বৰপেটাৰ ৰাজপথত প্ৰতিবাদত নামিল মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ–ছাত্ৰী৷ প্ৰজ্ঞান ভাৰতীৰ অধীনত বিনামূলীয়া নামভৰ্তিৰ দাবীত আজি এনেদৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ ছাত্ৰ ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ৷
ছাত্ৰ ছাত্ৰীসকলৰ দাবী, কোভিড পৰিস্থিতিৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা দুখীয়া পৰিয়ালৰ ছাত্ৰ–ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব লাগে৷ ইপিনে, পূৰ্বে অনুষ্ঠিত হৈ যোৱা প্ৰথম ষান্মাষিকৰ বেক পৰীক্ষাৰ ফলাফলো শীঘ্ৰে ঘোষণাৰ দাবী জনাইছে ছাত্ৰ–ছাত্ৰীসকলে৷ কোভিড বিধি অনুসৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকৰ দাবীৰ সমৰ্থনত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰও প্ৰদান কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|