অৱশেষত অন্ত পৰিল মায়ঙৰ শ্বাসৰুদ্ধকৰ পৰিৱেশৰ ৷ উদ্ধাৰ হ’ল মায়ঙৰ ঔগুৰি গাঁৱৰ নিৰুদ্দিষ্ট তিনি শিক্ষাৰ্থী৷ মহানগৰীৰ পানীখাইতী অঞ্চলৰ তাৰীবাগানৰ পৰা তিনিওকে উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
ঘটনা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত মায়ঙৰ ঔগুৰি গাঁৱৰ নিজ ঘৰৰ পৰা তিনি স্কুলীয়া ছাত্ৰ-ছাত্ৰী হঠাৎ সন্ধানহীন হয়৷ পুৱা নিজৰ কোঠাত তিনিওজনক নোপোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে৷ অৱশ্যে তিনি শিক্ষাৰ্থীয়ে ঘৰত লিখি থৈ যায় এখনকৈ টোকা, য’ত তেওঁলোকে “অ' পাপা, তহঁতে আমাক বেয়া নাপাবি” বুলি লিখি নিজেই ক’ৰবালৈ যোৱাৰ কথা উল্লেখ কৰি বিচাৰ–খোঁচাৰ নকৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকক ৷
ইয়াৰ পিছতে শনিবাৰে পুৱা মায়ং থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে আৰু বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মায়ঙত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ সমগ্ৰ বিষয়টো নিজে অধ্যয়ন কৰাৰ লগতে কেইবাগৰাকী লোকক সোধা–পোছা কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে ৷
অৱশ্যে ইয়াৰ মাজতে এগৰাকী ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে তিনি কিশোৰ-কিশোৰীক ঠাকুৰকুছি ৰে'ল ষ্টেচনৰ পৰা ৰে'ল লাইনেৰে খোজকাঢ়ি পানীখাইতী ষ্টেচনৰ দিশে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল বুলি অৱগত কৰে আৰু তাৰ পিছতে সেই স্থানত উপস্থিত হয় মায়ং আৰক্ষীৰ এটা দল ৷
অৱশেষত পানীখাইতী আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত মায়ং আৰক্ষীয়ে পানীখাইতীৰ তাৰীবাগান অঞ্চলৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনি কিশোৰ-কিশোৰীক৷ উদ্ধাৰ কৰা তিনিওজনকে মায়ং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ তৎপৰতাত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে৷
উল্লেখ্য যে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সমগ্ৰ বিষয়টো তদাৰক কৰি আছে যদিও কি পৰিস্থিতিত বা কি কাৰণত তিনি শিক্ষাৰ্থীয়ে এনে পন্থা অৱলম্বন কৰিবলগীয়া হ’ল সেয়া এই মুহূৰ্তলৈ পোহৰলৈ অহা নাই৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিছতহে হয়তো পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।