• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali Ahmed : শ্বেৰমান আলি আহমেদে AIUDFত যোগ দিয়া সন্দৰ্ভত আজমলৰ ঘোষণা: “নাঃ নাঃ আহি আছেতো...”

Sherman Ali Ahmed : শ্বেৰমান আলি আহমেদে AIUDFত যোগ দিয়া সন্দৰ্ভত আজমলৰ ঘোষণা: “নাঃ নাঃ আহি আছেতো...”

আজমলৰ দাবী- দুপৰীয়াৰ আলহী শ্বেৰমান, ভাত খাই যাব; শ্বেৰমানে ক'লে- মই আলহী

আজমলৰ দাবী- দুপৰীয়াৰ আলহী শ্বেৰমান, ভাত খাই যাব; শ্বেৰমানে ক'লে- মই আলহী

আজমলৰ দাবী- দুপৰীয়াৰ আলহী শ্বেৰমান, ভাত খাই যাব; শ্বেৰমানে ক'লে- মই আলহী

  • Share this:
সকলো জল্পনা-কল্পনাক অন্ত পেলাই পুৰণি ঘৰ AIUDFয়ে কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলি আহমেদক আদৰি লোৱাৰ সেউজ সংকেত দিলে মৌলানা বদৰুদ্দিন আজমলে ৷ ঘৰৰ ল'ৰা ঘৰলৈ উভতিব নে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কৈ দিলে- ''আহি আছে শ্বেৰমান ৷''

বুধবাৰে দিছপুৰৰ বিধায়ক আবাসৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ ঘৰলৈ আহিল সাংসদ বদৰুদ্দিন আজমল ৷ দিছপুৰলৈ আহিলে ভাতৃ ছিৰাজুদ্দিনৰ বিধায়ক আৱাসতে আশ্ৰয় লোৱা আজমলক বুধবাৰে হঠাতে সাক্ষাৎ কৰে বিধায়ক শ্বেৰমান আলি আহমেদে ৷ AIUDF প্ৰধান আজমলৰ আগমনত দলীয় বিধায়ক আৰু নেতৃত্বই সাক্ষাৎ কৰাৰ সময়তে হঠাতে কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলি আহমেদে (Sherman Ali Ahmed) সাক্ষাৎ কৰে ৷

ইয়াৰ মাজতে হঠাতে উপস্থিত হোৱা সাংবাদিকে আজমলক প্ৰশ্ন কৰিলে- পুৰণি ঘৰলৈ আহিব নেকি শ্বেৰমান আলি আহমেদ? উত্তৰ নিদিয়াকৈ নাথাকিল আজমল ৷ ক'লে- “নাঃ নাঃ আহি আছেতো ৷ আহিয়েই থাকে ৷”

অৱশ্যে ইয়াৰ লগতে আজমলে ক'লে- “দহ বছৰ একেলগে এটা দলত থকা শ্বেৰমান চাহাব আজি মোৰ ঘৰলৈ আলহী হৈ আহিছে ৷ মোৰ বন্ধু-ভাই শ্বেৰমান ৷ ভাত খাই যাব ৷”

দুপৰীয়াৰ আলহী যেতিয়া ভাত খাই যাব হেনো শ্বেৰমানে ৷ আজমলে এই কথা সদৰী কৰাত সাংবাদিকে পুনৰ সুধিলে- কেতিয়াকৈ AIUDF লৈ আহিব শ্বেৰমান? উত্তৰ দিলে এনেদৰে আজমলে- “মই কিয় ক'ব লাগে ৷ শ্বেৰমান চাহাবক সোধক ৷ তেওঁ উত্তৰ দিব;  আহিব নে নাহে? মই একো নকওঁ ৷”

এই সকলোবোৰৰ পিছতে এইবাৰ আজমলৰ ঘৰৰ দুপৰীয়াৰ আলহী শ্বেৰমানক প্ৰশ্ন কৰিলে সাংবাদিকে ৷ AIUDFত যোগদান কেতিয়া? পোনপটীয়াকৈ উত্তৰ নিদি শ্বেৰমানে ক'লে- “আজমল চাহাবে কোৱাৰ দৰে মই আজি তেওঁৰ আলহীহে ৷ তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈহে মই আহিছোঁ ৷ বাকী সমষ্টিৰ কথা কিছু আলোচনা কৰিছো ৷ AIUDFত যোগ দানৰ কথা আলোচনা হোৱা নাই ৷”

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলি আহমেদক কংগ্ৰেছে নিলম্বন কৰি থোৱাৰ পিছত বিধায়ক পদৰ পৰাও শ্বেৰমানক খাৰিজ কৰিবলৈ কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষক আৰ্জি দি থৈছে ৷ ইয়াৰ বিপৰীতে পুৰণি ঘৰ AIUDFলৈ সময় আৰু সুযোগ বুজি শ্বেৰমানক আদৰিবলৈ আজমল সাজু হৈছে ৷
Published by:Gautam Barman
First published: