• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HSLC Result: মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল পাব এই ৱেবছাইটত

Assam HSLC Result: মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল পাব এই ৱেবছাইটত

Representative image

Representative image

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হব ফলাফল

  • Share this:
কাইলৈ  মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ'ব।  মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ'ব ফলাফল। নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব পাৰিব ফলাফল।

  এইবাৰ মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিক- হাই মাদ্ৰাছা পৰীক্ষাত। কোভিডৰ দুবছৰীয়া জটিল পৰিস্থিতিৰ পিছত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষা।

 কোন কোন ৱেবছাইটত পাব ফলাফল

results.sebaonline.org, resultsassam.nic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.assamonline.in,
exametc.com,
www.schools9.com,
https://iresults.net,
asssamjobalerts.com,
assamresults.in,
necareer.com,
www.jagaranjosh.com আৰু www.vidyavision.com

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হব ফলাফল

পৰীক্ষাৰ্থী সন্তুষ্ট নহ'লে কি কৰিব?

ফলাফলক লৈ কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহ'লে প'ৰ্টেলযোগে কৰিব পাৰিব আবেদন। ১০ জুনত খুলি দিয়া হ'ব ছেবাৰ প'ৰ্টেল। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদনত তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰিলেও ১৭০ নম্বৰ লাভ কৰিলে দিব পাৰিব compartmental পৰীক্ষা।
Published by:Gautam Barman
First published: