মুখ্যপৃষ্ঠা »খবৰ »অসম »Ajgar Ali Surrendered : আনন্দ মিশ্ৰৰ ভয়ত আত্মসমৰ্পণ কৰিলে নকল সোণ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড আজগৰ আলীয়ে

Ajgar Ali Surrendered : আনন্দ মিশ্ৰৰ ভয়ত আত্মসমৰ্পণ কৰিলে নকল সোণ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড আজগৰ আলীয়ে

আনন্দ মিশ্ৰই সকীয়নি দিছিল যে যিসকল অপৰাধমূলক কামত জড়িত আছে তেওঁলোক নিজেই ওলাই আহি আত্মসমৰ্পণ কৰিলে ভাল। আৰক্ষীয়ে ধৰিব লাগিলে বেয়াকৈ আনিব। 

আনন্দ মিশ্ৰই সকীয়নি দিছিল যে যিসকল অপৰাধমূলক কামত জড়িত আছে তেওঁলোক নিজেই ওলাই আহি আত্মসমৰ্পণ কৰিলে ভাল। আৰক্ষীয়ে ধৰিব লাগিলে বেয়াকৈ আনিব। 

আনন্দ মিশ্ৰই সকীয়নি দিছিল যে যিসকল অপৰাধমূলক কামত জড়িত আছে তেওঁলোক নিজেই ওলাই আহি আত্মসমৰ্পণ কৰিলে ভাল। আৰক্ষীয়ে ধৰিব লাগিলে বেয়াকৈ আনিব। 

  • Share this:
উত্তৰ লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ আজগৰ আলীৰ। নকল সোণৰ সৈতে ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আনন্দ মিশ্ৰৰ ভয়ত ওলাই আহিল আজগৰ। এইজন আজগৰ আলীকেই আটক কৰি নিছিল জোনমণি ৰাভাই। পিছত আজগৰৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে দিছিল গোচৰ। আজিৰ দিনটোতে এতিয়ালৈ আজগৰ আলীসহ মুঠ ১০জনে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। ইয়াৰ পূৰ্বে নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৫ জনে। সুৰজ আলী, চৰিয়ত আলী, ছৰিফুল ইছলাম, মফিদুল ইছলাম আৰু বাহিজুল ইছলাম (হাবি) নামৰ পাঁচজন বিভিন্ন আইনবিৰুদ্ধ কামত জড়িত লোকে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। তাৰ পিছতে আত্মসমৰ্পণ কৰে বাবুল ইছলাম, আইনুল হক, ৰচিদুল ইছলাম আৰু চাহাবুল ইছলাম নামৰ আন চাৰিজনে।

সংবাদ মাধ্যমৰ আগত আজগৰ আলীয়ে কয়, ‘‘ছাৰে কৈছে আহিব লাগে। মোৰ ভিডিঅ’ ভাইৰেল হৈ আছে কাৰণে মই আহিলো। ছাৰে ভাবিব পাৰে যে নিশ্চয় আজগৰ আলীও জড়িত আছে। ভয় লাগিছে আছে। মোৰ তিনি চাৰি বছৰ আগৰ ভিডিঅ’ ভাইৰেল কৰি আছে।’’

আৰু পঢ়ক : অপৰাধীৰ বুকুত কঁপনি তুলিছে আনন্দ মিশ্ৰই, ভয়তে আত্মসমৰ্পণ কৰিছে ইজনৰ পিছত সিজন অপৰাধীয়ে

নকল সোণৰ ব্যৱসায় সন্দৰ্ভত আজগৰ আলীয়ে কয়, ‘‘মই এই কাম নকৰা বুলি কোৱা নাই। ভিডিঅ’টো যেতিয়া বনাইছে, আবু ছহিদ কটিয়াই ঘৰৰ পৰা লৈ যাই এই কাম কৰাইছে। এই ভিডিঅ’টো আবু চহিদে মোৰ ভিডিঅ’ বনাইছে।’’

উল্লেখযোগ্য যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছতে অভিযানত নামি পৰিছিল আনন্দ মিশ্ৰ বাহিনী। আনন্দ মিশ্ৰই সকীয়নি দিছিল যে যিসকল অপৰাধমূলক কামত জড়িত আছে তেওঁলোক নিজেই ওলাই আহি আত্মসমৰ্পণ কৰিলে ভাল। আৰক্ষীয়ে ধৰিব লাগিলে বেয়াকৈ আনিব।

আৰু পঢ়ক : টিউচনলৈ আহি ঘৰলৈ ঘূৰি যাব নোৱাৰিলে হিমানী, ৰাজপথত পৰি ৰ’ল নিথৰ দেহ

আনন্দ মিশ্ৰই কৈছিল, ‘অপৰাধীৰ জগতখন তেনেই সৰু, য’ত থাকিলেও ধৰা পৰিব।’ আৰক্ষী অধীক্ষকগৰাকীৰ এই সকীয়নিৰ পিছতে এতিয়া ইজনৰ পিছত সিজনে আহি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। একপ্ৰকাৰ ক’বলৈ গ’লে লখিমপুৰত অপৰাধীৰ ঘাটিত কঁপনি তুলিছে আনন্দ মিশ্ৰই। যাৰ ফলত এতিয়া নিজে নিজে ওলাই আহিবলৈ বাধ্য হৈছে অপৰাধজনিক ঘটনাত জড়িত ইজনৰ পিছত সিজন লোক।

শেহতীয়া বাতৰি