আৰক্ষীৰ জালত ধুবুৰীৰ বৃহৎ কৃষি কেলেংকাৰীৰ মূল অভিযুক্ত আজিবৰ ৰহমান

News18-Assam
Updated:November 22, 2019, 2:55 PM IST
আৰক্ষীৰ জালত ধুবুৰীৰ বৃহৎ কৃষি কেলেংকাৰীৰ মূল অভিযুক্ত আজিবৰ ৰহমান
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আলমগঞ্জ বটেৰতল অঞ্চলত অভিযান চলাই আজিবৰ ৰহমানকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক তথ্য।

ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আলমগঞ্জ বটেৰতল অঞ্চলত অভিযান চলাই আজিবৰ ৰহমানকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক তথ্য।

  • Share this:
NEWS18ৰ ধাৰাবাহিক বাতৰিৰ পিছত গ্ৰেপ্তাৰ হ’ল ধুবুৰী জিলাত সংঘটিত বৃহৎ কৃষি কেলেংকাৰীৰ মূল অভিযুক্ত আজিবৰ ৰহমান। কৃষক সন্মান নিধি আঁচনিৰ লাখ লাখ টকা বেংকৰ চিএছপিৰ হতুৱাই লুণ্ঠন চলোৱা আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আলমগঞ্জ বটেৰতল অঞ্চলত অভিযান চলাই আজিবৰ ৰহমানকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক তথ্য। ধৃত আজিবৰৰ পৰা আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ নথি–পত্ৰৰ লগতে বায়’মেট্ৰিক্স মেচিনো উদ্ধাৰ কৰে।

আজিবৰ ৰহমানে এই কেলেংকাৰীৰ ধন ভুৱা বেংক একাউণ্টত ৰখাৰ কথা স্বীকাৰ কৰিছে। আনহতে ধৃত আজিবৰে এই সমগ্ৰ ঘটনাত ইমৰান আলী, বাতেন, আজাহাৰ আলী শ্বেখ আদিৰ নিৰ্দেশত কৰা বুলিও উল্লেখ কৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি