চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসক মনত আছেনে? CAB গৃহীত কৰাৰ দাবীত এইবাৰ দিল্লীত ধৰ্ণাত বহিল সুবোধ

News18-Assam
Updated:November 25, 2019, 2:33 PM IST
চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসক মনত আছেনে? CAB গৃহীত কৰাৰ দাবীত এইবাৰ দিল্লীত ধৰ্ণাত বহিল সুবোধ
প্ৰতিবাদকাৰীয়ে NRCৰ পৰা বাদ পৰা হিন্দু বঙালী লোকক NRCত সন্নিবিষ্ট কৰাৰো দাবী উত্থাপন কৰে।

প্ৰতিবাদকাৰীয়ে NRCৰ পৰা বাদ পৰা হিন্দু বঙালী লোকক NRCত সন্নিবিষ্ট কৰাৰো দাবী উত্থাপন কৰে।

  • Share this:
চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসক আজি দেখা পোৱা গ’ল যন্তৰ মন্তৰত। চলিত সংসদৰ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবীত যন্তৰ মন্তৰ ধৰ্ণাত বহিল সুবোধ বিশ্বাস। নিখিল ভাৰত বঙালী উটবাৎসু সমন্বয় সমিতিয়ে আজি নতুন দিল্লীত পালন কৰে প্ৰতিবাদী কাৰ্যসূচী। সুবোধ বিশ্বাস এই অনুষ্ঠানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ।

প্ৰতিবাদকাৰীয়ে NRCৰ পৰা বাদ পৰা হিন্দু বঙালী লোকক NRCত সন্নিবিষ্ট কৰাৰো দাবী উত্থাপন কৰে। আনহাতে, ডিটেনশ্যন কেম্পত বন্দী হৈ থকা বঙালী হিন্দুসকলক শীঘ্ৰেই মুকলি কৰি দিবলৈও দাবী জনাই প্ৰতিবাদকাৰীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি