ফণীৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়া চুবুৰীয়া মেঘালয়ত

মুষলধাৰ বৰষুণৰ বাবে দাউকী নদীৰ জলস্তৰ ওফন্দি উঠাৰ লগতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰাং চোৰি জলপ্ৰপাত

Dulu Medhi | news18assam
Updated:May 4, 2019, 7:05 PM IST
ফণীৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়া চুবুৰীয়া মেঘালয়ত
মুষলধাৰ বৰষুণৰ বাবে দাউকী নদীৰ জলস্তৰ ওফন্দি উঠাৰ লগতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰাং চোৰি জলপ্ৰপাত
Dulu Medhi | news18assam
Updated: May 4, 2019, 7:05 PM IST
অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো ‘ফণী’ৰ পাৰ্শ্বক্ৰিয়া। প্ৰৱল বৃষ্টিপাত তথা ধুমুহাৰ ফলত ব্যাহত হৈ পৰিছে পাহাৰীয়া ৰাজ্যখনৰ সাধাৰণ জনজীৱন। মুষলধাৰ বৰষুণৰ বাবে দাউকী নদীৰ জলস্তৰ ওফন্দি উঠাৰ লগতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰাং চোৰি জলপ্ৰপাত।

ওড়িশাৰ পৰা আহি আহি অসম পোৱালৈ গতিবেগ কমিল সাগৰীয় ঘূৰ্ণি বতাহ ‘ফণী’ৰ৷ ঘণ্টাত ১৫০/৬০ কিলোমিটাৰ বেগেৰে অহা ‘ফণী’ অসমত প্ৰৱেশ কৰিলে ২৫/৩০ কিলোমিটাৰ বেগেৰে৷ ফলত ঘন, নেৰানেপেৰা বৰষুণৰ বাদে আন কোনো ক্ষয় ক্ষতি নহ’ল অসমৰ৷ কিন্তু চুই গ’ল চুবুৰীয়া মেঘালয়ক৷ গতিবেগ একেই থাকিলেও ‘ফণী’ৰ ফলত মেঘালয়ত আৰম্ভ হ’ল অস্বাভাৱিক বৰষুণ।

ভাৰত বাংলাদেশ সীমান্তৰ মেঘালয়ৰ ডাউকী নদীৰ পানী বাৰিষা কিম্বা খৰালী সকলো সময়তে বহু তলেৰে বৈ থাকে। কিন্তু বৰ্তমান ডাউকী নদী ওফন্দি উঠিছে ভয়ংকৰভাৱে ৷ বহু উচ্চতালৈ উঠি অহা ডাউকীৰ পানীয়ে উটুৱাই নিয়ে নদীখনৰ ওপৰৰ এখন দলং ।

ইফালে ভাৰত বাংলা সীমান্তৰ পথৰ দাঁতিৰ পাহাৰৰ পৰা বৈ অহা কাৰাং চোৰি জলপ্ৰপাতৰ আকাৰ তেনেই সৰু আছিল যদিও প্ৰবল বৃষ্টিপাতৰ ফলত এতিয়া বিশাল আকাৰ লৈছে কাৰাং চোৰি জলপ্ৰপাতে৷ জলপ্ৰপাতটোৰ জলসোঁত ইমানেই বিশাল হৈ পৰিছে যে, যাৰ পৰিণতিত বন্ধ হৈ পৰিছে সীমান্ত পথটো । একেদৰে বৃদ্ধি পাইছে মেঘালয়ৰ সৰু বৰ আটাইবোৰ জলপ্ৰপাতৰ জলধাৰা৷ পাহাৰীয়া ৰাজ্যখনত ‘ফণী’ৰ পাৰ্শ্বক্ৰিয়া হিচাপে সৃষ্টি হোৱা এই পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে NDRF কে ধৰি ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগটো।
প্ৰৱল বৰষুণৰ কবলত মেঘালয় চাওক ৪টা বিশেষ ভিডিঅ’:







আৰু চাওক পৰৱৰ্তী বাতৰি